স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ :নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ মেচত জয়লাভ ভাৰতৰ (India win 2nd T20 against New Zealand) । আনহাতে, বেটিঙত অনবদ্য প্ৰদৰ্শন সূর্যকুমাৰ যাদৱৰ । মাত্র ৪৯ বলতে শতৰান কৰে তেওঁ (Surjyakumar Yadav T20 century) । যাৰ বাবে ব্যর্থ হয় টিম ছাউডিৰ হেটট্রিকো । প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৯১ ৰাণ কৰে ভাৰতে । প্ৰত্যুত্তৰত ১২৬ ৰাণতে ইনিংছ শেষ হয় নিউজীলেণ্ডৰ । ৬৫ ৰাণত মেচত জয়লাভ কৰে হার্দিক পাণ্ডিয়াৰ দলে (India New Zealand 2nd T20 match) ।
দেওবাৰে টছত জয়ী হৈ প্রথমে বলিঙৰ সিদ্ধান্ত লয় নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে (India tour to New Zealand) । ভাৰতৰ নতুন অপেনিং যুটি আজি খেলপথাৰত নামে । ঋষভ পণ্ট ব্যর্থ হ'লেও বেটত ৰাণ পায় ঈশান কিষণে । মাত্র ৬ ৰাণ কৰি উভতে পণ্ট । বিৰাট কোহলিৰ অনুপস্থিতিত ভাৰতৰ হৈ তিনি নম্বৰত বেটিং কৰিবলৈ নামে সূর্যকুমাৰ যাদৱ । বেটিং অর্ডাৰত সলনি হ'লেও কিন্তু খেলৰ ধৰণত কোনো সলনি নহ'ল তেওঁৰ । টি-২০ বিশ্বকাপত য'ত শেষ কৰিছিল তাৰ পৰাই যেন আৰম্ভ কৰে তেওঁ (Hardik Pandya led India T20 team) ।
ঈশানে ৩৬ ৰাণ কৰি আউট হয় । শ্রেয়স আয়াৰ, হার্দিকে আজি বেছি ৰাণ নাপালে বেটত । কিন্তু এটা দিশত টিকি আছিল সূর্য । ২৯ বলত অর্ধশতৰাণ কৰে তেওঁ । তাৰ পিছত ৰাণৰ গতি আৰু বৃদ্ধি কৰে সূর্যই । নিউজীলেণ্ডৰ কোনো বলাৰকেই তেওঁ পৰোৱা নকৰিলে । এটাৰ পিছত আনটো দৰ্শনীয় শ্বট মাৰি যায় সূৰ্যই । মাত্র ৪৯ বলতে শতৰাণ কৰে সূর্যকুমাৰে । এইটো হৈছে টি-২০ত তেওঁৰ দ্বিতীয়টো শতক ।
এটা সময়ত ২০০ ৰো অধিক ৰাণ হ'ব বুলি ভবা গৈছিল ভাৰতৰ । কিন্তু অন্তিম অভাৰত এটি বলো খেলিবলৈ নাপালে তেওঁ । তাৰ প্রধান কাৰণ টিম ছাউডি । একেলেথাৰিয়ে তিনিটা বলত হার্দিক, দীপক হুডা আৰু ৱাশ্বিংটন সুন্দৰক আউট কৰি হেটট্রিক কৰে ছাউডিয়ে । ফলত ১৯১ ৰাণত শেষ হয় ভাৰতৰ ইনিংছ । ৫১ টা বলত ১১১ ৰাণত অপৰাজিত থাকে সূর্য । লগতো কোবায় ১১ টা চাৰি ৭ টা ছয় ।