অসম

assam

ETV Bharat / bharat

Ukraine-Russia conflict : যুদ্ধ সম্পৰ্কীয় নিজৰ স্থিতিত অটল ভাৰত - ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষ

ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষক লৈ চিন্তিত সমগ্ৰ বিশ্ব ৷ ৰাষ্ট্ৰ দুখনৰ মাজৰ সংঘৰ্ষক লৈ ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ প্ৰধানমন্ত্ৰী মোডীৰ ভূমিকাক প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ।

Rajnath Singh
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

By

Published : Feb 28, 2022, 9:43 AM IST

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : ভাৰতে কেতিয়াও কোনো দেশক আক্ৰমণ কৰা নাছিল আৰু বিশ্বত শান্তি স্থাপনৰ বাবে এই নীতি অনুসৰণ কৰিব লাগিব । এই মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Defence Minister Rajnath Singh) ৷ উত্তৰ প্ৰদেশৰ বৈৰিয়াত দেওবাৰে এখন জনসভা সম্বোধন কৰি ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

ৰাজনাথ সিঙে জনসভাখনত ইউক্ৰেইন-ৰাছিয়া সংঘৰ্ষত সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাক প্ৰশংসা কৰি কয় যে, দেশখনে শান্তি বিৰাজ কৰাটো বিচাৰে । ইউক্ৰেইনত যি ঘটিছে, আমি শান্তি বিৰাজ কৰাটো বিচাৰো । প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ বাবে প্ৰশংসা কৰিবলৈ শব্দবোৰ পৰ্যাপ্ত নহয় । ভাৰতে কেতিয়াও কোনো দেশক আক্ৰমণ কৰা নাছিল । আমি বিশ্বাস কৰো যে, বিশ্বশান্তিৰ বাবে সকলোৱে এই নীতি অনুসৰণ কৰা উচিত ৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জনসভাখনত ৰাজনৈতিক বিশ্লেষকসকলৰ প্ৰসংগ উত্থাপন কৰি এইবাৰো ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আৰু ৰাইজে এক নতুন ইতিহাস লিখিবলৈ গৈ আছে বুলি দাবী কৰে । তেওঁ কয় যে, এতিয়া প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগী, যোগীৰ লক্ষ্য আৰু জনসাধাৰণৰ সমৰ্থনত ৰাজ্যখনত ট্ৰিপল ইঞ্জিন চলিব ।

তেওঁ প্ৰধানমন্ত্ৰী মোডীক "প্ৰকৃত সমাজবাদী" (PM Modi as true Samajwadi) বুলি অভিহিত কৰি উত্তৰ প্ৰদেশৰ ইতিহাসত বিজেপি দলে প্ৰথমবাৰৰ বাবে চৰকাৰৰ পুনৰাবৃত্তি কৰি ইতিহাস ৰচনা কৰিব বুলি দাবী কৰে ৷

লগতে পঢ়ক :Russia Ukraine conflict:২৫০ জন ভাৰতীয় নাগৰিকক লৈ ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত AIR Indiaৰ বিমান

ABOUT THE AUTHOR

...view details