নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ :শেহতীয়াকৈ ভাৰতত ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণ বহু কেইগৰাকী লোকৰ দেহত ধৰা পৰিছে (Omicron cases reported in India)। যাৰ বাবে পুনৰ বাৰ চিন্তিত হৈছে দেশবাসী । অৱশ্যে ইয়াৰ মাজতে সামগ্ৰিকভাৱে দেশত কৰ'ণাৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস হোৱা দেখা গৈছে (Covid infections decline in India) ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৮,৪৩৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে (8,439 Corona infection last 24 hours in India) । ইয়াৰ ফলত দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩,৪৬,৫৬,৮২২ গৰাকীলৈ বৃদ্ধি হৈছে । ইফালে এটা দিনত ১৯৫ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । ইয়াৰ লগে লগে দেশত মুঠ মৃত্যুৰ সংখ্যা হ'লগৈ ৪,৭৩,৯৫২ টা ।
যোৱা ২৪ ঘণ্টাত এই ৰোগৰ পৰা আৰোগ্য হৈছে ৯,৫২৫ গৰাকী লোক ৷ যাৰ ফলত সৰ্বমুঠ আৰোগ্যৰ সংখ্যা ৩,৪০,৮৯,১৩৭ লৈ বৃদ্ধি হৈছে । ভাৰতত বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৮.৩৬ শতাংশ । দেশত এতিয়াও আক্ৰান্ত ৰোগী ৯৩,৭৩৩ গৰাকী আছে ।