নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ: দেশত এই পৰ্যন্ত ১০০ কোটিৰো অধিক লোকৰ টীকাকৰণ সম্পন্ন হৈছে । ক'ভিড-১৯ সম্পৰ্কীয় সাৱধানতা অৱলম্বন কৰিবলৈও চৰকাৰ তৰফৰ বাৰে বাৰে সকীয়াই থকা হৈছে । ভাৰতত সামগ্ৰিকভাৱে দৈনিক আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে যদিও মহামাৰীৰ ভয়াৱহতা দূৰ হোৱা নাই ।
সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১৪,৩০৬ জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৷ মহামাৰীৰে যুঁজি দেওবাৰৰ দিনটোত ৪৪৩ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । এই পৰিসংখ্যাসহ এতিয়ালৈকে দেশত ক'ভিড আক্ৰান্ত হৈ মুঠ ৪,৫৪,৭১২ গৰাকী লোকৰ মৃত্যু হৈছে ।
যোৱা ২৪ ঘণ্টাত ১৮,৭৬২ জন লোক আৰোগ্য হৈ উঠিছে আৰু ইয়াৰে সৈতে মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা ৩,৩৫,৬৭,৩৬৭ গৰাকী হৈছেগৈ । বৰ্তমান দেশত আৰোগ্যৰ হাৰ ৯৮.১৮ শতাংশ । দেশত বৰ্তমান ১,৬৭,৬৯৫ জন সক্ৰিয় আক্ৰান্ত আছে আৰু ২৩৯ দিনৰ ভিতৰত এয়াই আটাইতকৈ কম সক্ৰিয় ৰোগীৰ সংখ্যা । সাপ্তাহিক আক্ৰান্তৰ হাৰ ১,২৪ শতাংশ হোৱাৰ বিপৰীতে দৈনিক আক্ৰান্তৰ হাৰ ১.৪৩ শতাংশ ।
কেৰালাত বৰ্তমানেও দৈনিক আক্ৰান্তৰ হাৰ বাঢ়িয়েই আছে । আনহাতে, ভাৰতত দেওবাৰৰ দিনটোত প্ৰতিষেধকৰ ১২,৩০,৭২০টা পালি প্ৰদান কৰা হৈছে । দেশত এতিয়ালৈকে ১০২.২৭ কোটি পালি প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক: ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে ৰাজপথত নামিল মমতা দিদি