অসম

assam

ETV Bharat / bharat

30 ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতলৈ নচলে আন্তৰ্জাতিক বাণিজ্যিক বিমান - Directorate General of Civil Aviation

ক'ভিডসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ আন্তৰ্জাতিক বিমান চলাচলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি ৷ 30 ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতলৈ বা ভাৰতৰ পৰা কোনো ধৰণৰ আন্তৰ্জাতিক বাণিজ্যিক বিমানৰ চলাচল নহয় ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ অসামৰিক বিমান চলাচল কৰ্তৃপক্ষ( Civil Aviation department)ই এক বিজ্ঞপ্তি জাৰি কৰি সদৰী কৰিছে এই কথা ৷

India extends international flights suspension till September 30
30 ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতলৈ নচলে আন্তৰ্জাতিক বাণিজ্যিক বিমান

By

Published : Aug 29, 2021, 7:32 PM IST

নেশ্যনেল ডেস্ক , 29 আগষ্ট :30 ছেপ্তেম্বৰলৈ বন্ধ থাকিব ভাৰতলৈ অহা-যোৱা কৰা কৰা আন্তৰ্জাতিক বাণিজ্যিক বিমান(international commercial flights)ৰ চলাচল ৷ ক'ভিড-19(COVID-19) সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দেওবাৰে ভাৰতে 30 ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 29 তাৰিখে অসামৰিক বিমান চলাচল কৰ্তৃপক্ষ( Civil Aviation department)ই এই সন্দৰ্ভত এখন বিজ্ঞপ্তি জাৰি কৰে ৷

অৱশ্যে international all-cargo operations আৰু অসামৰিক বিমান সঞ্চালকালয়(Directorate General of Civil Aviation)ৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিমানৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব ৷ ইয়াৰ লগতে কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত নিৰ্দিষ্ট পথসমূহত International Scheduled flights চলাচলৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক :জনা-নজনা : বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে

উল্লেখ্য যে, 31 জুলাইত আন্তৰ্জাতিক বাণিজ্যিক বিমান চলাচলৰ ওপৰত থকা নিষেধাজ্ঞা সমাপ্ত হোৱাৰ কথা আছিল ৷ কিন্তু, 30 জুলাইত এই নিষেধাজ্ঞা পুনৰ 31 আগষ্টলৈ বৃদ্ধি কৰা হৈছিল ৷ ক'ভিড মহামাৰীৰ বাবে 2020 চনৰ 23 মাৰ্চত scheduled international flights সমূহৰ চলাচল স্থগিত ৰখা হৈছিল ৷

প্ৰতিবেদন অনুসৰি, ক'ভিডৰ তৃতীয় ঢৌৰ আশংকাৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ডেল্টা ভাইৰাছত বহু লোক আক্ৰান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিমান চলাচল স্থগিত ৰখাৰ সিদ্ধান্ত আৰু কিছুদিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক :Evacuation Failed : আফগানিস্তানৰ পৰা হাইজেক হ’ল বহি: ৰাষ্ট্ৰৰ বিমান

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়(Ministry of Health and Family Welfare)ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বিগত 24 ঘণ্টাত ভাৰতত 45,083 জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 460 জন লোকে মৃত্যুক সাৱটি লৈছে ৷ নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ভিতৰত 31,256 গৰাকী আৰু মৃত্যু হোৱা সকলৰ ভিতৰত 153 গৰাকী কেৰালাৰ বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, সমগ্ৰ দেশত চলি থকা টীকাকৰণ অভিযানৰ অংশ হিচাপে এই পৰ্যন্ত ভাৰতত 63.09 কোটি প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক :সাময়িকভাৱে বাতিল কৰা হৈছে কাবুল বিমানবন্দৰত বিমানৰ উৰণ-অৱতৰণ

ABOUT THE AUTHOR

...view details