অসম

assam

By

Published : Nov 6, 2020, 9:41 AM IST

ETV Bharat / bharat

আজিৰ দিনটোৰ কেইটামান বিশেষ ৰাষ্ট্ৰীয় কাৰ্যসূচী

শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীয় প্ৰতিপক্ষ জিউস্পে কন্টিৰ মাজত ভাৰ্চুৱেল দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা | বৈদেশিক পৰিক্ৰমা বিভাগে ক'ভিড-19 সম্পৰ্কে বৈদেশিক ৰাষ্ট্ৰদূতৰ আগত দিব সংক্ষিপ্ত বিৱৰণ | বিদেশী উপগ্ৰহ বহনকাৰী ভাৰতীয় ৰকেট,পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল-C49 ৰ উৎক্ষেপনৰ বাবে আৰম্ভ কৰিব কাউন্টডাউন |

Important national events to look for today
আজিৰ দিনটোৰ কেইটামান বিশেষ ৰাষ্ট্ৰীয় কাৰ্যসূচী

নেশ্যনেলডেস্ক,6নৱেম্বৰ:আজিৰ দিনটোৰ কেইটামান বিশেষ ৰাষ্ট্ৰীয় কাৰ্যসূচী-

1-ভাৰত আৰু ইটালীৰ মাজত আজি মোদী- কন্টে শীৰ্ষক বাণিজ্য,পৰিৱেশ,গণমাধ্যম সম্পৰ্কীয় এক চুক্তি স্বাক্ষৰ কৰা হ'ব

আজিৰ দিনটোৰ কেইটামান বিশেষ ৰাষ্ট্ৰীয় কাৰ্যসূচী

শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰতিপক্ষ জিউস্পে কন্টিৰ মাজত ভাৰ্চুৱেল দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে ৷ ভাৰত আৰু ইটালীৰ বাণিজ্য,পৰিৱেশ,গণমাধ্যম সম্পৰ্কীয় কেতবোৰ বিষয় সামৰি লোৱাৰ সম্ভাৱনা প্ৰকট ৷ 2018 চনৰ অক্টোবৰ মাহত প্ৰধান মন্ত্ৰী আৰু ইটালীৰ প্ৰতিপক্ষ জিউস্পে কন্টিৰ দিল্লী ভ্ৰমণৰ সময়তে চুক্তিৰ কথা উত্থাপিত হৈছিল ৷ 2021 চনৰ 1 জানুৱাৰীত ভাৰত আৰু ইটালী চৌদি আৰৱৰ লগত ট'কিঅৰ G-20ত অংশ গ্ৰহণ কৰিব ৷

2-বৈদেশীক পৰিক্ৰমা বিভাগে আজি ক'ভিড-19 সম্পৰ্কে বৈদেশীক ৰাষ্ট্ৰদূতৰ আগত সংক্ষিপ্ত বিৱৰণ দিব

শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা বিভাগে ক'ভিড-19 সম্পৰ্কে বৈদেশিক ৰাষ্ট্ৰদূতৰ আগত সংক্ষিপ্ত বিৱৰণ দিব ৷ ইয়াৰ আগতেও ক'ভিড-19 সম্পৰ্কে ভাৰতে বৈদেশীক ৰাষ্ট্ৰদূতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ নেপালৰ দৰে আন চুবুৰীয়া ৰাষ্ট্ৰকো ভাৰতে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিছিল ৷

আজিৰ দিনটোৰ কেইটামান বিশেষ ৰাষ্ট্ৰীয় কাৰ্যসূচী

3-শুকুৰবাৰে ভাৰতৰ ৰাডাৰ ইমেজিং উপগ্ৰহ উৎক্ষেপনৰ বাবে আৰম্ভ কৰিব কাউন্টডাউন

শুকুৰবাৰে দেশৰ ৰাডাৰ ইমেজিং উপগ্ৰহ আৰু বিদেশী উপগ্ৰহ বহনকাৰী ভাৰতীয় ৰকেট,পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল-C49 ৰ উৎক্ষেপণৰ বাবে আৰম্ভ কৰিব কাউন্ট ডাউন ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ 2020 চনৰ এইটোৱেই হ'ব প্ৰথমটো সংস্থাপিত উপগ্ৰহ ৷

লগতে পঢ়ক:ফেচবুকত বিতৰ্কিত মন্তব্য় বিধায়ক আমিনুল ইছলামৰ

ABOUT THE AUTHOR

...view details