নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: এফালে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ, আনফালে চলিছে মহামাৰীৰ প্ৰতিষেধকৰ ক'লা বেহা । ৰেমডেচিবিৰ বেজীৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত কৰ্ণাটক আৰক্ষীয়ে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা ৰেমডেচিবিৰ ১৪ টা বেজী জব্দ কৰে আৰক্ষীয়ে । তিনিওজনৰ বিৰুদ্ধে ব্ৰহ্মপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ।
ধৃত তিনিওজনে ৰেমডেচিবিৰ বেজী অবৈধভাৱে ২৫,০০০ টকাত বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় বুলি জানিবলৈ দিয়ে কৰ্ণাটক আৰক্ষীয়ে । ধৃত তিনিওজনে বেলাগাভি আৰু বাংগালুৰুৰ পৰা ৰেমডেচিবিৰ বেজী সমূহ লৈ আহিছিল ।