অসম

assam

By

Published : Jan 11, 2021, 2:30 PM IST

ETV Bharat / bharat

কৃষি আইনত কেন্দ্ৰই স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে দিব : মুখ্য ন্যায়াধীশ

মুখ্য ন্যায়াধীশ এছ এ ববডেই কয়, "ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখনে এই সকলোবোৰৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব ৷ আপোনালোকে এই আইনকেইখন লৈ আহিছে আৰু আপোনালোকে ইয়াক উন্নত ধৰণে কৰিব পাৰিব ৷ যদি কেন্দ্ৰই এই আইন প্ৰণয়ত স্থগিতাদেশ প্ৰদান নকৰে তেন্তে এই কাম উচ্চতম ন্যায়ালয়ে কৰিব ৷"

If Centre doesn't want to stay implementation of farm laws, we will: supreme court
কৃষি আইনত কেন্দ্ৰই স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে দিবঃমুখ্য ন্যায়াধীশ

নেশ্যনেল ডেস্ক,11 জানুৱাৰী: যদি কেন্দ্ৰই তিনিওখন কৃষি আইন প্ৰণয়নৰ ক্ষেত্ৰত স্থগিতাদেশ প্ৰদান নকৰে তেন্তে উচ্চতম ন্যায়ালয়ে ইয়াৰ বাবে প্ৰদান কৰিব স্থগিতাদেশ ৷ সোমবাৰে উচ্চতম ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠৰ দলে এই শুনানি প্ৰদান কৰে ৷

তিনিওখন কৃষি আইনৰ সাংবিধানিক বৈধতাৰ বিৰুদ্ধে ডিএমকে সাংসদ তিৰুচি শিভা, আৰ জে ডি সাংসদ মনোজ কে ঝাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ লগতে কেন্দ্ৰীয় চৰকাৰে কৃষক প্ৰতিবাদক উৎখাত কৰাৰ আবেদনৰো আজি শুনানি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷

মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়, "আলোচনাসমূহ বিফল হৈছে ৷ এই প্ৰতিবাদে এমাহ অতিক্ৰম কৰিছে ৷ এই ক্ষেত্ৰত কেনে ধৰণৰ বুজাবুজি চলিছে আমি বুজি পোৱা নাই ৷ এইয়া অতি নাজল নাথল অৱস্থা ৷ এই সমস্যাৰ এটি সৌহাৰ্যপূৰ্ণ সমাধান কৰাটোৱেই আমাৰ উদ্দেশ্য ৷ এই আইনৰ সমৰ্থনত এখনো আবেদন দাখিল হোৱা নাই ৷ সকলোৱে ইয়াৰ বিৰোধিতা কৰিছে ৷ কিছু সংখ্যক লোকে আত্মহত্যা কৰিছে ৷ বৃদ্ধ আৰু মহিলাও ইয়াৰ প্ৰতিবাদত ৰাজপথত নামিছে ৷"

"ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখনে এই সকলোবোৰৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব ৷ আপোনালোকে এই আইনকেইখন লৈ আহিছে আৰু আপোনালোকে ইয়াক উন্নত ধৰণে কৰিব পাৰিব ৷ যদি কেন্দ্ৰই এই আইন প্ৰণয়নত স্থগিতাদেশ প্ৰদান নকৰে তেন্তে এই কাম উচ্চতম ন্যায়ালয়ে কৰিব ৷"গতিকে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কিছু সময়ৰ বাবে স্থগিতাদেশ প্ৰদান কৰিব পাৰিব নে নাই সেই সন্দৰ্ভত বিচাৰক বেনুগোপালক প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেই ৷

লগতে পঢ়ক-তিক্ৰী সীমান্তত মৃত্যু কৃষকৰ

ABOUT THE AUTHOR

...view details