নেশ্যনেল ডেস্ক, ২১ মে':পঞ্জাৱৰ মোগাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা । মোগাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুঁজাৰু বিমান । এই দুৰ্ঘটনাত নিহত হয় এগৰাকী বৈমানিক ।
বায়ু সেনা কতৃপক্ষই টুইটযোগে জনোৱা মতে পশ্চিমখণ্ডত নিশা বাইচন বিমানৰ দুৰ্ঘটনা হৈছিল । য'ত বৈমানিক স্কুৱেন এলডিআৰ অভিনৱ চৌধুৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে ।