নেশ্যনেল ডেস্ক, ২৫ আগষ্ট: বেংগাৰলুৰুত মানৱ চালিত এয়াৰ পাৱাৰ প্ৰজেক্ট আৰু মানৱবিহীন এয়াৰ পাৱাৰ প্ৰজেক্টৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিলে ভাৰতীয় বায়ু সেনা(Indian Air Force)ৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়া(RKS Bhadauria)ই । যোৱা ২৩ আগষ্টত তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে বেংগালুৰুত উপস্থিত হয় । এই ভ্ৰমণকালত তেওঁ বেংগালুৰুস্থিত বায়ু সেনাৰ গোট আৰু বিমান পৰীক্ষা প্ৰতিষ্ঠান আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation) আৰু হিন্দুস্তান এৰ'ন'টিকেল লিমিটেডে আগবঢ়োৱা সুবিধাসমূহ পৰিদৰ্শন কৰে ।
তেওঁ মানৱ চালিত এয়াৰ পাৱাৰ প্ৰজেক্ট আৰু মানৱবিহীন এয়াৰ পাৱাৰ প্ৰজেক্টৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে । বিমান আৰু প্ৰণালী পৰীক্ষা প্ৰতিষ্ঠান(Aircraft and Systems Testing Establishment) পৰিদৰ্শনৰ সময়ত এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভদৌৰিয়াক বৰ্তমান চলি থকা প্ৰকল্পসমূহৰ বিষয়ে অৱগত কৰোৱা হয় আৰু কাৰ্যকৰী পৰীক্ষণৰ অগ্ৰগতিৰ বিষয়েও তেওঁক জনোৱা হয় ।
বায়ু সেনাৰ জোৱানৰ সৈতে বাৰ্তালাপৰ সময়ত, বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে বিমান আৰু প্ৰণালী পৰীক্ষা প্ৰতিষ্ঠানৰ প্ৰত্যাহ্বানমূলক ভূমিকাৰ বিষয়ে উল্লেখ কৰি প্ৰশংসনীয় সাফল্যৰ কথা কয় । তেওঁ এভিওনিক্স ছফ্টৱেৰৰ বিকাশৰ দায়িত্বত থকা ছফ্টৱেৰ ডেভেলপমেণ্ট ইনষ্টিটিউট(Software Development Institute) পৰিদৰ্শন কৰে ।