নিউজ ডেস্ক, 29 মাৰ্চ: ক্ৰমাৎ যেন আত্মসমৰ্পণৰ দিশে আগুৱাই আহিছে পঞ্জাৱ আৰক্ষীয়ে পলাতক ঘোষণা কৰা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিং । এইবাৰ লাইভত নিজৰ মনৰ কথা ক’লে অমৃতপালে । তেওঁ কয়, ‘‘মোৰ গ্ৰেপ্তাৰৰ বিষয়টো ডাঙৰ ইছ্যু নহয়, কিন্তু শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ বিষয়টোৱেই আটাইতকৈ ডাঙৰ ইছ্যু ।’’ তেওঁ কয়, ‘‘চৰকাৰৰ লক্ষ্য যদি কেৱল গ্ৰেপ্তাৰ কৰা হ’লহেঁতেন তেন্তে তেওঁলোকে আহি মোক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিলেহেঁতেন, কিন্তু যেতিয়া ইণ্টাৰনেট বন্ধ হৈ গ’ল তেতিয়া শিখ সম্প্ৰদায়ৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই ।’’(Amritpal spoke in live)
চৰকাৰে জাথেদৰক শিকাইছে:
অমৃতপালে কয় যে, চৰকাৰে অত্যাচাৰৰ সীমা অতিক্ৰম কৰিছে । এই আক্ৰমণত কাকো ৰেহাই দিয়া হোৱা নাই। অমৃতপালে লগতে কয়, ‘‘মই কেতিয়াও গ্ৰেপ্তাৰ হ’বলৈ ভয় কৰা নাই ।’’ জাথেদৰে আহ্বান কৰা বৈঠকখনকো চৰকাৰে সমালোচনা কৰি আলটিমেটাম দিয়া বুলিও কয় খালিস্তান পন্থী নেতাজনে । অমৃতপালে কয়, ‘‘এইটো এটা অতি মহৎ কাম । আমাৰ জাতিটো সৰু সৰু ফ্ৰণ্ট লৈ বহি আছে । বহু নিৰীহ লোকক জেলত ভৰোৱা হৈছে যদিও ইয়াৰ বিৰুদ্ধে মাত মাতিবই লাগিব ।’’ (Amritpal Singh comes forward)