নিউজ ডেস্ক, 20 মে ’ :হায়দৰাবাদত এজন পশু চিকিৎসকক হত্যা আৰু দলবদ্ধ ধৰ্ষণৰ গোচৰত চাৰিজন অভিযুক্তৰ এনকাউণ্টাৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে তিনিজনীয়া তদন্ত আয়োগক বন্ধ খামত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে আৰু বিষয়টো সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপৰ বাবে তেলেংগানা উচ্চ ন্যায়ালয়লৈ (Telangana High Court) স্থানান্তৰ কৰে (Hyderabad Encounter Probe Report To High Court) ।
মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীক লৈ গঠিত এখন বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানৰ প্ৰতিবেদনখন বন্ধ খামত ৰখাৰ বাবে দাখিল কৰা তৎপৰতাত সন্মত হোৱা নাছিল।