অসম

assam

ETV Bharat / bharat

লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ - সকলোৰে বাবে যেন এলাগী হ'ল এসময়ৰ জনপ্ৰিয় নেতাজন

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বাসগৃহত পূৰ্বতে উলহ মালহেৰে পালন কৰা হৈছিল হোলী । দলীয় কৰ্মী, নেতা তথা সমৰ্থেকে ভৰি আছিল লালুৰ বাসগৃহ । কিন্তু এইবাৰ সেই পৰিৱেশ নাই । সকলোৰে বাবে যেন এলাগী হ'ল এসময়ৰ জনপ্ৰিয় নেতাজন । বিশেষ দিনটোত কাৰাবন্দী লালুক সাক্ষাৎ কৰাটো দূৰৰে কথা কোনেও শুভেচ্ছা জনোৱা দেখা নগ'ল (No one greeted Holi Lalu Prasad Yadav)।

Holi
লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ

By

Published : Mar 20, 2022, 11:56 AM IST

নেশ্যনেল ডেস্ক,২০ মাৰ্চ :ৰঙৰ উৎসৱ হোলীৰ লালু প্ৰসাদ যাদৱৰ জীৱনত এক বিশেষ গুৰুত্ব আছে । যাৰ বাবে তেওঁ প্ৰতিবছৰে পৰিয়াল, দলীয় কৰ্মী আৰু শুভাকাংক্ষীৰ লগত বিশাল ৰূপত হোলী উদযাপন কৰে । কিন্তু আৰজেদি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ এতিয়া আৰু সেই দিন নাই (Holi turns out to be gloomy day for Lalu)। সকলোৰে বাবে যেন এলাগী হ'ল জ্যেষ্ঠ নেতাগৰাকী ।

যিগৰাকী নেতাই হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে হোলী উদযাপন কৰে, সেইজন নেতাৰ ওচৰত আজি এজনো সমৰ্থক নাই । কেৱল এয়াই নহয় বৰ্তমান কাৰাবন্দী হিচাপে RIMS ত ভৰ্তি হৈ থকা নেতাগৰাকীক আনকি কোনেও হোলীৰ শুভেচ্ছা জনোৱাও দেখা নগ'ল (No one wish Lalu Prasad Yadav on Holi)। পূৰ্বে দলৰ নেতা-কৰ্মীয়ে তেওঁৰ বাসগৃহত ভিৰ কৰিছিল ৷ কিন্তু আজি সেই ৰং, আনন্দ যেন হেৰাই গ'ল লালুৰ জীৱনত ।

উল্লেখ্য যে পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হোৱাৰ পাছত নেতাগৰাকী কাৰাবন্দী হৈ আছে । শেহতীয়াকৈ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক আৰআইএমএছত (RIMS) ভৰ্তি কৰোৱা হৈছে (Lalu Prasad Yadav has been admitted to RIMS)। কিন্তু হোলীৰ দিনটোত এসময়ৰ জনপ্ৰিয় নেতাগৰাকীৰ এজনো সমৰ্থকক দেখা নগ'ল RIMSৰ বাহিৰত ।

বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক হামিদ আখতাৰে ইটিভি ভাৰতক ফোনযোগে জনোৱা মতে লালু প্ৰসাদ যাদৱক ফোন কৰাৰ অনুমতি বিচৰা দৰ্শনাৰ্থীৰ পৰাও কোনো আবেদন পোৱা হোৱা নাই । আচলতে যিসকল দৰ্শনাৰ্থীয়ে লালু প্ৰসাদ যাদৱক সাক্ষাৎ বা ফোন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব লাগে । তেওঁলোকৰ আৱেদন লালু প্ৰসাদ যাদৱৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষী দলৰ ওচৰত দাখিল কৰা হয় ।

আবেদনসমূহৰ ভিতৰত, লালু প্ৰসাদ যাদৱৰ অনুমোদনৰ পাছত প্ৰতি সপ্তাহত মাত্ৰ দুজন লোকক তেওঁক লগ কৰিবলৈ অনুমতি দিয়া হয় । এই তথ্য কাৰাগাৰ কৰ্তৃপক্ষৰ হাতত থাকে । কিন্তু হোলীৰ দিনা কাৰো নাম অনুমোদন হোৱা নাই । কাৰাগাৰ অধীক্ষকে জনোৱা মতে যদি তেওঁলোকে কোনো আৱেদন লাভ কৰে, তেওঁলোকে নিশ্চিতভাৱে লালুক লগ কৰিবলৈ অনুমতি দিয়ে ।

লক্ষণীয়ভাৱে, এতিয়ালৈকে কোনেও তেওঁক শুভেচ্ছা জনোৱা নাই আৰু হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ চিকিৎসালয়তো তেওঁক সাক্ষাৎ কৰিবলৈ অহা নাই । লালু প্ৰসাদ যাদৱৰ যে পূৰ্বৰ জনপ্ৰিয়তা নাই সেই কথাই যেন প্ৰমাণ কৰিছে এই খবৰে ।

লগতে পঢ়ক :Fodder Scam : পুনৰ কাৰাগাৰ যাত্ৰাৰ দিশে লালু প্ৰসাদ যাদৱ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details