নিউজ ডেস্ক, ২৪ জুলাই :শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ বিতৰ্কিত অঞ্চলসমূহত যুটীয়া পৰিভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ (border dispute) দীৰ্ঘদিনীয়া এক সমস্যা । কিন্তু শেহতীয়াকৈ এই সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । ইফালে অসম আৰু মেঘালয়ৰ সীমান্ত সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সন্ধিয়া মেঘালয়ৰ ৰাজধানী শ্বিলঙত মিলিত হৈ আন্তঃৰাজ্যিক সীমান্ত সমস্যাৰ বিষয়ে আলোচনা কৰে । বৈঠকত দুয়োখন চৰকাৰৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । আলোচনাৰ সময়ত বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
দুয়োখন চৰকাৰে বিতং আলোচনাৰ অন্তত এক ব্যৱহাৰিক দৃষ্টিভংগীৰে সমস্যা সমাধান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে । দুয়োখন ৰাজ্যৰে বিতৰ্কিত ১২ টা স্থানৰ বিষয়ে আলোচনা কৰিবলৈ আৰু দাবীবোৰ পুনৰীক্ষণ কৰিবলৈ সন্মতি দিয়া হৈছে । মেঘালয়ে ৰাজ্যখনৰ ১২ টা বিতৰ্কিত স্থানৰ কথা উল্লেখ কৰি নিজ ৰাজ্যৰ অন্তৰ্ভূক্ত বুলি দাবী কৰিছে ।