নিউজ ডেস্ক, 8 ডিচেম্বৰ:ৰাজনৈতিক সমীকৰণ সলনি হ’ল হিমাচল প্ৰদেশৰ (Himachal Poll result 2022) ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কংগ্ৰেছে ৷ বিজেপি শাসিত ৰাজ্যখনত এইবাৰ বিজেপিৰ অংকত যেন আউল লাগিল ৷ গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিজৰ ৰাজ্যত কংগ্ৰেছে দেখুৱালে নিজৰ শক্তি ৷ মুঠ 68 খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিলে 40 খন আসন ৷ আনহাতে বিজেপি ক্ষান্ত থাকিবলগীয়া হ’ল 25 খন আসনত ৷ অন্যান্যই লাভ কৰিলে 3 খন আসন (Congress won HP poll 2022) ৷
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী জয়ৰাম ঠাকুৰ নিজৰ সমষ্টিত জয়ী হয় যদিও তেওঁৰ মন্ত্ৰীসভাৰ 8 জনকৈ মন্ত্ৰীয়ে পৰাজয় বৰণ কৰে ৷ ইতিমধ্যে নিজৰ দলৰ পৰাজয় স্বীকাৰ কৰিছে জয়ৰাম ঠাকুৰে আৰু আজিয়েই তেওঁ ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰিব (Himachal Election Result 2022) ৷
জয়ৰাম ঠাকুৰে জয়ী: সৰাজ সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে নিজৰ ৰাজনৈতিক ভাগ্য উজ্জ্বল কৰি তুলিছে । কংগ্ৰেছ প্ৰাৰ্থী চেত্ৰাম ঠাকুৰক বিপুল ভোটত পৰাস্ত কৰি তেওঁ বীৰভদ্ৰ সিং আৰু প্ৰেম কুমাৰ ধুমালৰ অভিলেখো ভংগ কৰিছে । একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে মুখ্যমন্ত্ৰীগৰাকী । 13 ৰাউণ্ডত জয়ৰাম ঠাকুৰে 34050 টা ভোটৰ অগ্ৰগতি লাভ কৰি 14 ৰাউণ্ডত 36176 টা ভোটেৰে আগবাঢ়ি থাকে । 57 বছৰীয়া জয়ৰাম ঠাকুৰে বিজেপি দলৰ পৰা 1998, 2003, 2007, 2012, 2017, 2022 চনত 6 টা নিৰ্বাচনত অৱতীৰ্ণ হৈ আটাইকেইটা নিৰ্বাচনতে জয়লাভ কৰে ।
সুৰেশ ভৰদ্বাজ পৰাজিত: নগৰ উন্নয়ন মন্ত্ৰী তথা কাসুম্পতি বিধানসভা আসনৰ বিজেপি প্ৰাৰ্থী সুৰেশ ভৰদ্বাজ নিৰ্বাচনত পৰাস্ত হৈছে । শিমলা নগৰ সমষ্টিৰ পৰিৱৰ্তে কাসুমপ্তিৰ পৰা সুৰেশ ভৰদ্বাজক প্ৰক্ষেপ কৰা হৈছিল ৷ ইয়াত কংগ্ৰেছৰ অনিৰুদ্ধ সিঙে ভৰদ্বাজক 10 হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে।
পৰাজিত ৰাকেশ পাঠনিয়াৰ: নূৰপুৰৰ বিধায়ক তথা জয়ৰাম চৰকাৰৰ বনমন্ত্ৰী ৰাকেশ পাঠনিয়া নিৰ্বাচনী যুঁজত পৰাস্ত হৈছে ফতেহপুৰৰ পৰা । কংগ্ৰেছ প্ৰাৰ্থী ভৱনী সিং পাঠনিয়াই 5500 ৰো অধিক ভোটত পৰাস্ত কৰিছে ।
বিক্ৰম সিং ঠাকুৰে জয়ী: হিমাচল প্ৰদেশৰ উদ্যোগ, পৰিবহণ, শ্ৰম আৰু নিয়োগ মন্ত্ৰী বিক্ৰম সিঙেও এইবাৰ 1800 তকৈও অধিক ভোটত জয়লাভ কৰিছে । 2017 চনত যশোৱান পৰাগপুৰৰ পৰা বিক্ৰম সিঙে জয়লাভ কৰিছিল । 2012 চনৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ বিক্ৰম সিঙে জয়লাভ কৰিছিল । বিক্ৰম সিঙে একেৰাহে তিনিটা নিৰ্বাচনত জয়লাভ কৰিছে । ৰাজনীতিত অভিজ্ঞ হোৱাৰ পিছতো কংগ্ৰেছ প্ৰাৰ্থী সুৰিন্দৰ সিং মানকোটিয়াই নিজৰ পৰাক্ৰম কৰিব নোৱাৰিলে ।
সৰ্ব্বীন চৌধাৰী পৰাজিত: সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী সৰ্ব্বীন চৌধাৰী শ্বাহপুৰ বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত পৰাস্ত হৈছে । মেজৰ বিজয় সিং মানকোটিয়াৰ লগত হাত মিলাইও জয়ী হ’ব নোৱাৰিলে তেওঁ । কংগ্ৰেছ প্ৰাৰ্থী কেৱাল সিং পাঠানিয়াই এইবাৰ প্ৰায় 12 হাজাৰ ভোটত পৰাস্ত কৰিছে সৰ্ব্বীন চৌধাৰীক ।