নেশ্যনেল ডেস্ক,৩ জুন :অসম তথা ভাৰতৰ চাহ পৃথিৱী বিখ্যাত । কিন্তু অসমৰ লগতে ভাৰতৰ এই চাহ উদ্যোগলৈ সংকট নামি আহিছে (Indian Tea industry in trouble)। ইতিমধ্যে বহু দেশে ভাৰতৰ চাহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে (Many countries send back Indian tea)। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বহু ক্ৰেতাই ভাৰতৰ পৰা ৰপ্তানি কৰা চাহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । চাহ উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা এই খবৰে এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ভাৰতীয় চাহ ৰপ্তানি সংস্থাৰ (ITEA) অধ্যক্ষ অংশুমান কানোৰিয়াই শুকুৰবাৰে এই সন্দৰ্ভত কয় যে ভাৰতৰ চাহত কীটনাশক আৰু ৰাসায়নিক পদাৰ্থ লাভ কৰাৰ বাবেই দেশৰ চাহ গ্ৰহণ কৰিবলৈ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অস্বীকাৰ কৰিছে (Buyers have rejected Indian tea consignments)। বিশ্বৰ অন্যতম চাহ উৎপাদনকাৰী দেশ শ্ৰীলংকাৰ দুৰ্যোগৰ বাবে ভাৰতে বিশ্ব বজাৰত চাহৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । যাৰ বাবে শেহতীয়াকৈ ভাৰতে চাহৰ ৰপ্তানিও বৃদ্ধি কৰিছিল ।
কিন্তু এনেদৰে ভাৰতৰ চাহ প্ৰত্যাখ্যান কৰাৰ লগে লগে এতিয়া চিন্তিত ভাৰতীয় চাহ ব'ৰ্ড । সম্প্ৰতি ভাৰতে চাহৰ ৰপ্তানি হ্ৰাস কৰিছে ।
দেশত বিক্ৰী হোৱা সকলো চাহ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ (FSSAI) নিয়ম অনুসৰি হ'ব লাগিব । অংশুমান কানোৰিয়াই জনোৱা মতে ইয়াৰ পাছতো বেছিভাগ ক্ৰেতাই অত্যাধিক ৰাসায়নিক সামগ্ৰী থকা চাহ ক্ৰয় কৰি আছে । ২০২১ চনত, ভাৰতে ১৯৫.৯০ নিযুত কিলোগ্ৰাম চাহ ৰপ্তানি কৰিছিল । চাহ ক্ৰয় কৰা মুখ্য ক্ৰেতাসকলৰ বেছিভাগেই আছিল ইউৰোপ, এছিয়া আৰু ইৰাণৰ ।