অসম

assam

ETV Bharat / bharat

দিল্লী পুলিচে উদ্ধাৰ কৰিলে 2500 কোটি টকা মূল্যৰ ড্ৰাগছ - এইমছ

দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে এটা সৰ্ববৃহৎ ড্ৰাগছৰ নেটৱৰ্কক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । শনিবাৰে, ৩৫০ কিলোগ্ৰাম হেৰ'ইন উদ্ধাৰৰ লগতে ৪ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ২৫০০ কোটি টকা ৷

heroin-worth-rs-2500-crore-seized-in-delhi
দিল্লী পুলিচে উদ্ধাৰ কৰিলে 2500 কোটি টকা মূল্যৰ ড্ৰাগছ

By

Published : Jul 10, 2021, 9:11 PM IST

Updated : Jul 10, 2021, 11:02 PM IST

নেচনেল ডেস্ক, 10 জুলাই : শেহতীয়াকৈ দিল্লীত বৰ্তমানলৈকে উদ্ধাৰ হোৱা ড্ৰাগছৰ ভাণ্ডাৰসমূহৰ ভিতৰত এটা সৰ্ববৃহৎ ড্ৰাগছৰ ভাণ্ডাৰ ধৰা পৰিছে । আৰক্ষীৰ এটা স্পেচিয়েল চেলে(special cell)ৰ অভিযানত জালত পৰিছে এটা বৃহৎ হেৰ'ইন সৰবৰাহকাৰী দল(heroin smuggling gang) । দলটোৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ২৫০০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । আৰক্ষীৰ স্পেচিয়েল চেলে দিল্লীত ৩৫৪ কিলোগ্ৰাম হেৰ'ইন সৰবৰাহৰ প্ৰথমটো গোচৰত দলটোৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

স্পেচিয়েল চেলৰ বিশেষ আয়ুক্ত নীৰজ ঠাকুৰৰ মতে, তেওঁৰ দলটোৱে বিভিন্ন ড্ৰাগছ সৰবৰাহ নেটৱৰ্কত ওপৰত দীৰ্ঘ সময় ধৰি কাম কৰি আছিল । ইয়াৰ পূৰ্বেও স্পেচিয়েল চেলৰ দ্বাৰা এনেধৰণৰ বহু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দল ভাঙি পেলোৱা হৈছিল । 2019 চনত, এনে কেইবাটাও দলৰ পৰা চেলটোৱে 330 কিলোগ্ৰাম হেৰ'ইন উদ্ধাৰ কৰিছিল ।

শেহতীয়াকৈ, তেওঁলোকে আফগানিস্তানৰ পৰা ইৰাণ আৰু শেষত মুম্বাই, মধ্য প্ৰদেশ হৈ দিল্লীলৈ ড্ৰাগছ অনাৰ তথ্য লাভ কৰিছিল । ডিচিপি প্ৰমোদ কুশৱাহাৰ তত্বাৱধানত পৰিদৰ্শক বিনোদ বাদোলাৰ দলটোৱে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল । এই তদন্তত তেওঁলোকে জানিব পাৰিছিল যে, কাশ্মীৰী যুৱক ৰিজৱান আহমেদে দিল্লী, পঞ্জাৱ, মধ্য প্ৰদেশ আৰু হাৰিয়ানালৈ হেৰ'ইন যোগান ধৰি আহিছে আৰু গ্ৰাহকক ড্ৰাগছ যোগান ধৰিবলৈ ৰিজৱান ঘিটৰনি অঞ্চললৈ আহিব ৷

এই সূত্ৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে তেওঁক এক কিলোগ্ৰাম হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰে ৷ বিশেষ আয়ুক্ত নীৰজ ঠাকুৰৰ মতে, অভিযুক্তজনে প্ৰকাশ কৰা মতে তেওঁ আফগান নাগৰিক ঈশা খানৰ বাবে কাম কৰে আৰু ঈশা খান বৰ্তমান আফগানিস্তানত আছে আৰু পঞ্জাৱৰ বাসিন্দা গুৰপ্ৰীত সিং তথা গুৰজোত সিঙক তেওঁ হেৰ'ইনৰ যোগান ধৰে ।

তেওঁলোকৰ নেতৃত্বত ফৰিদাবাদৰ পৰা এটা ডাঙৰ ৰেকেটে ব্যৱসায় চলাই আছে বুলি জানিব পৰা গৈছে । স্পেচিয়েল চেলে ফৰিদাবাদত অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে । তেওঁলোকৰ পাৰ্কিং লটত ৰখাই থোৱা দুখন গাড়ী আৰু ভাড়াঘৰৰ পৰা ৩৫১ কিলোগ্ৰাম হেৰ'ইন উদ্ধাৰ কৰে ৷ অভিযুক্ত দুজনে আৰক্ষীক কৈছিল যে, তেওঁলোকে পৰ্তুগালত লুকাই থকা নৱপ্ৰীত সিং ওৰফে নাভৰ বাবে কাম কৰে ।

জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছিল যে, অভিযুক্ত ৰিজৱানৰ কাম আছিল হেৰ'ইন উৎপাদন কৰা দলটোৰ বাবে ৰাসায়নিক পদাৰ্থৰ ব্যৱস্থা কৰা । আন এগৰাকী অভিযুক্ত হজৰত আলী ৰাসায়নিক পদাৰ্থৰ পৰা হেৰ'ইন উৎপাদনত বিশেষজ্ঞ । তেওঁ হেৰ'ইনৰ বাবে ৰাসায়নিক পদাৰ্থ যোগান ধৰিবলৈ ধনৰ উপৰিও ৰিজৱানক হেৰ'ইন দিছিল। তদুপৰি, আন দুজন অভিযুক্তৰ কাম আছিল দিল্লী-এনচিআৰৰ উপৰিও পঞ্জাৱ আৰু হাৰিয়ানালৈ হেৰ'ইন পৰিবহন কৰা ৷

আৰক্ষীয়ে গম পাইছিল যে, গোটেই নেটৱৰ্কটো আফগানিস্তান আৰু ইউৰোপত বহি থকা কিছুমান চোৰাং ব্যৱসায়ীৰ দ্বাৰা পৰিচালিত হৈ আছে । ইতিমধ্যে তেওঁলোকৰ বিষয়েও বহু তথ্য সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ভাগ বতৰা কৰা হৈছে ৷ বিশেষ আয়ুক্ত নীৰজ ঠাকুৰে কয় যে, গোচৰটোত সন্ত্ৰাসবাদীৰ পুঁজিৰো তদন্ত কৰা হৈছে ৷ স্পেচিয়েল চেলে কিছুমান ইনপুট পাইছে যে, পাকিস্তান হৈয়ো ভাৰতলৈ ড্ৰাগছ প্ৰেৰণ কৰা হৈছে । উদ্ধাৰ কৰা ড্ৰাগছৰ পৰা প্ৰাপ্ত ধন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছে নেকি, সেই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে ।

উল্লেখ্য যে, ভাৰতত হেৰ'ইন ব্যৱহাৰৰ ওপৰত এইমছ(AIIMS)ৰ এক ৰিপোৰ্টত এক আচৰিত তথ্য প্ৰকাশ পাইছে ৷ এইমছৰ প্ৰতিবেদন অনুসৰি, ভাৰতীয়সকলে প্ৰতিদিনে 1,000 কিলোগ্ৰাম হেৰ'ইন গ্ৰহণ কৰে । যোৱা ডেৰটা দশকত সমগ্ৰ দেশতে হেৰ'ইন ড্ৰাগছৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । তথ্য অনুসৰি, 2004 চনত ভাৰতত 0.2 শতাংশ লোকে হেৰ'ইন ব্যৱহাৰ কৰিছিল, 2019 চনত এই সংখ্যা 1.14 শতাংশলৈ বৃদ্ধি পাইছিল ৷

অৰ্থাৎ, বৰ্তমান ভাৰতত প্ৰায় 13 নিযুত লোক হেৰ'ইনৰ প্ৰতি আসক্ত । হেৰ'ইনৰ মুখ্য যোগান ধৰোতা হৈছে গোল্ডেন ক্ৰিছেণ্ট(golden crescent) যাৰ ভিতৰত আছে আফগানিস্তান, পাকিস্তান আৰু ইৰাণ ৷ হেৰ'ইনৰ ব্যৱসায়ীসকলে ইয়াৰ সামগ্ৰীবোৰ আন দেশলৈ পৰিবহন কৰিবলৈ সাগৰৰ পৰা বিমান পথলৈকে ব্যৱহাৰ কৰে । আফগান চোৰাং ব্যৱসায়ীসকলে মূলত ভাৰতত হেৰ'ইন সৰবৰাহ কৰিবলৈ বিমান পথৰ ব্যৱহাৰ কৰে ।

বহুবাৰ দেখা গৈছে যে, সৰবৰাহকাৰীসকলে তেওঁলোকৰ শৰীৰত হেৰ'ইন লুকুৱাই ৰাখে । তেওঁলোকে ইয়াৰ কেপচুল তৈয়াৰ কৰি সেইবোৰ গ্ৰহণ কৰে ৷ যেতিয়া তেওঁলোক ভাৰতত উপস্থিত হয়, তেওঁলোকে ইয়াক অপাৰেচন বা শৌচৰ জৰিয়তে উলিয়াই আনে । কেতিয়াবা, এই কেপচুল বিস্ফোৰিত হোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হোৱাও পৰিলক্ষিত হয় । একে সময়তে, শেহতীয়াকৈ কুৰিয়াৰৰ জৰিয়তে হেৰ'ইন চোৰাং ব্যৱসায়ৰ ঘটনাও দ্ৰুতগতিত বৃদ্ধি পাইছে ।

লগতে পঢ়ক :অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

Last Updated : Jul 10, 2021, 11:02 PM IST

ABOUT THE AUTHOR

...view details