নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ :কেৰালাত নিপা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে । কোজিকোডত পুনৰ এজন নিপা ভাইৰাছৰ চিকাৰ হৈছে । স্বাস্থ্য বিভাগে জনোৱা মতে বুধবাৰে এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰীৰ দেহত নিপা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । আক্ৰান্ত লোকজনৰ বয়স ২৪ বছৰ বুলি জানিব পৰা গৈছে । ব্যক্তিগত চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীজনক পৰ্যৱেক্ষণত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।
স্বাস্থ্য বিভাগে জনোৱা মতে যুৱকজন এগৰাকী নিপা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ঘনিষ্ঠ সংস্পৰ্শলৈ আহিছিল । ইয়াৰ লগে লগে কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫ লৈ বৃদ্ধি পাইছে । তাৰ ভিতৰত দুগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু বাকী তিনিগৰাকী চিকিৎসাধীন হৈ আছে ।
ইফালে, স্বাস্থ্য বিভাগে কোজিকোড জিলাৰ বিভিন্ন ৱাৰ্ডত জনসাধাৰণৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈছে । বৈঠকৰ পাছত বীণা জৰ্জে জিলাখনত সমাৱেশ নিয়ন্ত্ৰণ কৰাৰ কথা ঘোষণা কৰিছে । উৎসৱ আৰু অন্যান্য অনুষ্ঠানত বৃহৎ সংখ্যক লোকৰ সমাৱেশ নিষিদ্ধ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জিলাখনৰ ৯ টা পঞ্চায়তৰ ৱাৰ্ডসমূহক কণ্টেইটমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।