নেশ্যনেল ডেস্ক,৩ আগষ্ট :হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশজুৰি উদ্বেগৰ সৃষ্টি হৈছে । ইফালে ৰাজ্যখনৰ কিছুমান জিলাত পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে । নুহত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত ফৰিদাবাদ আৰু পালৱাল জিলাৰ পৰিস্থিতিৰ লগতে গুৰুগ্ৰামৰ ৩ টা মহকুমাত পৰিৱেশ স্পৰ্শকাতৰ হৈ আছে । এনে পৰিস্থিতিত হাৰিয়ানা চৰকাৰে বুধবাৰে এক নিৰ্দেশ জাৰি কৰিছে । নিৰ্দেশনাত কোৱা হৈছে যে উক্ত অঞ্চলবোৰত ৫ আগষ্টলৈকে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব ।
হাৰিয়ানাৰ গৃহ সচিবে এই নিৰ্দেশ জাৰি কৰি কৈছে যে এই জিলাসমূহৰ পৰিস্থিতি গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ হৈ আছে । নুহ, ফৰিদাবাদ, পালৱাল আৰু গুৰুগ্ৰামৰ উপায়ুক্তসকলৰ সৈতে সংশ্লিষ্ট জিলাসমূহত আইন-শৃংখলা পৰ্যালোচনা কৰা হৈছে । এই জিলাসমূহত পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে । যাৰ বাবে এই জিলাসমূহত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি নিৰ্দেশটোত কোৱা হৈছে ।
গৃহ সচিবে নিৰ্দেশনাটোত লগতে সকীয়াই দিছে যাতে কোনেও হোৱাটছএপ, ফেচবুক, টুইটাৰ আদিৰ দৰে বিভিন্ন সামাজিক মাধ্যম প্লেটফৰ্মৰ জৰিয়তে মোবাইল ফোন আৰু এছএমএছত ভুল তথ্য আৰু উৰাবাতৰি বিয়পোৱাৰ চেষ্টা নকৰে । ভুল তথ্যৰ ভিত্তিত আন্দোলনকাৰী আৰু প্ৰতিবাদকাৰীসকলে পুনৰ সংগঠিত হৈ প্ৰচুৰ ক্ষতি সাধন কৰিব পাৰে বুলি আশংকা কৰা হৈছে । যাৰ বাবে চৰকাৰে হিংসা প্ৰভাৱিত অঞ্চলসমূহত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।