নিউজ ডেস্ক, ৫ আগষ্ট : এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বাৰাণসীৰ জ্ঞানবাপী মছজিদ চৌহদৰ এএছআই জৰীপ শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে । জ্ঞানবাপী চৌহদত এএছআই জৰীপৰ এটা বিশেষ দলে সহকাৰী সঞ্চালক আলোক কুমাৰ ত্ৰিপাঠী আৰু সঞ্জয় মহন্তীৰ তত্ত্বাৱধানত মুঠ ৬১ জন লোকে জৰীপৰ কাম চলাই আছে । এই ৬১ জন লোকৰ ভিতৰত শুকুৰবাৰে ৩৩ জন এএছআইৰ লোক আছিল । আনহাতে, জৰীপটোত হিন্দু আৰু মুছলমান দুয়োপক্ষৰ ১৬ জন লোক উপস্থিত থাকে । আনহাতে, শনিবাৰে এই জৰীপ পুৱা ৯ বজাৰ পৰা পুনৰ আৰম্ভ হয় । শুকুৰবাৰে জৰীপৰ প্ৰক্ৰিয়াত চৌহদত মেপিং গ্ৰাফিক আৰু ৰাডাৰ মেচিন স্থাপনৰ কাম কৰা হৈছিল । অনুমান কৰা হৈছে যে শনিবাৰে এএছআই দলে জিপিআৰ প্ৰযুক্তি ব্যৱহাৰ কৰি মছজিদৰ ভূমি আৰু শিল্পকলা পৰীক্ষা কৰিব ।
এএছআই দলটোৱে শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চৌহদত অনুসন্ধানৰ কাম কৰে । অৱশ্যে এই সময়ছোৱাত জৰীপৰ কাম দুপৰীয়া ১২.৩০-ৰ পৰা ২.৩০ বজালৈ বন্ধ ৰখা হৈছিল । কাৰণ শুকুৰবাৰে জুম্মাৰ দিন আছিল । সাপ্তাহিক নামাজৰ কাৰণে জৰীপৰ প্ৰক্ৰিয়া বন্ধ হোৱাৰ পিছত আবেলি প্ৰায় ৩ বজাত পুনৰ আৰম্ভ হয় । জৰীপৰ পিছত আবেদনকাৰী মহিলাসকলে স্পষ্টকৈ কয় যে তেওঁলোক জৰীপৰ কামত যথেষ্ট সুখী আৰু দলটোৱে তেওঁলোকে উল্লেখ নকৰা স্থানতো গৈ উপনীত হৈছে । অৱশ্যে শুকুৰবাৰে মুঠলিম পক্ষই প্ৰৱেশৰ বাবে ভিতৰত চাবি আৰু তেহখানাৰ চাবি দিয়া নাছিল ।
অৱশ্যে মছজিদ সমিতিৰ যুটীয়া সচিব মহম্মদ য়াছিনে কয় যে চাবি তেওঁৰ পৰা বিচৰা হোৱা নাছিল । তথাপিও তেওঁলোকে সহায় কৰিছে । অৱশ্যে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত বৰ্তমান সমিতিৰ সদস্যসকলেও সহায় কৰিবলৈ সন্মত হৈছে । উল্লেখ্য যে শুকুৰবাৰে কৰা জৰীপত মছজিদ সমিতিৰ কোনো সদস্য জড়িত নাছিল । আশা কৰা হৈছে যে শনিবাৰৰ পৰা সমিতিৰ সদস্যসকলো জৰীপত অন্তৰ্ভুক্ত থাকিব আৰু জৰীপত সম্পূৰ্ণ সহযোগিতা কৰিব । বৰ্তমান পুৱা ৯ বজাৰ পৰা জিপিআৰ প্ৰযুক্তিৰ জৰিয়তে জৰীপ কাৰ্য আৰম্ভ কৰা হ'ব ।