নেশ্যনেল ডেস্ক,২১ জুলাই : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহত অস্ত্ৰধাৰী লোকৰ প্ৰৱেশৰ চেষ্টা । বাসগৃহৰ সন্মুখত এখন বাহনত ৰৈ আছিল লোকজন । সন্দেহজনক পৰিস্থিতিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । ঘটনা তদন্ত অব্যাহত আছে । ঘটনাটোক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ শ্বহীদ দিৱসলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহৰ সন্মুখত ঘূৰি ফুৰিছিল লোকজনে । তৃণমূলৰ মুৰব্বীগৰাকীৰ কালিঘাট বাসগৃহৰ ঠিক বাহিৰতে আৰক্ষীৰ ষ্টিকাৰ থকা এখন ক'লা বাহন ৰখাই থোৱা দেখা গৈছিল । য'ত বহু সময় ধৰি লোকজনে বাহনখনৰ ভিতৰতে বহি থকা দেখা গৈছিল । মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ টাস্ক ফ'ৰ্চৰ (এছটিএফ) বিষয়াসকলে বিষয়টো প্ৰত্যক্ষ কৰে আৰু সন্দেহজনক অৱস্থাত থকা লোকজনক আটক কৰি সোধা-পোছা কৰে ।
লোকজনক নুৰ আলম বুলি চিনাক্ত কৰা হৈছে । ৰহস্যজনকভাৱে আৰক্ষীয়ে লোকজনৰ পৰা এটা আগ্নেয়াস্ত্ৰ, খঞ্জৰ আৰু ড্ৰাগছ উদ্ধাৰ কৰে । নুৰ আলমে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত কিয় অপেক্ষা কৰি আছে বুলি সোধাত তেওঁ সন্তোষজনক উত্তৰ দিয়াত ব্যৰ্থ হয় । নুৰ আলমে কেৱল উত্তৰ দিছিল যে তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰিছিল । ইতিমধ্যে কলকাতা আৰক্ষীয়ে নিৰ্দিষ্ট গোচৰ ৰুজু কৰি নুৰ আলমক গ্ৰেপ্তাৰ কৰিছে ।