নতুন দিল্লী : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু ভাৰতীয় সেনাই প্ৰকাশ কৰিছে খালী পদ পূৰণৰ বিজ্ঞাপন ৷ সেনাত যোগদান কৰিবলৈ আগ্ৰহী মহিলাসকলৰ বাবেও আছে ডাঙৰ সুযোগ ৷ কৰ'ণা মহামাৰীৰ মাজত বিত্তীয় সংকটৰ সন্মুখীন হোৱা লোকসকলৰ বাবে এই চাকৰিৰ সুযোগবোৰ এক আশীৰ্বাদলৈ পৰিৱৰ্তিত হ'ব পাৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত এএছচি চেণ্টাৰ দক্ষিণ-2 (ASC Center (South)-2) এটিচি য়ে ৰান্ধনী, চালক আৰু অসামৰিক প্ৰশিক্ষক পদৰ বাবে 100 টা খালী পদ ঘোষণা কৰিছে ৷ দশম শ্ৰেণী উত্তীৰ্ণ যুৱকসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে ৷ প্ৰাৰ্থীসকলে আৱেদন প্ৰ-পত্ৰৰ সৈতে প্ৰমাণিত নথিপত্ৰসমূহ ডাকযোগে প্ৰেৰণ কৰিব লাগিব ৷ আৱেদন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে নিযুক্তিৰ অধিসূচনা জাৰী কৰাৰ 30 দিন অৰ্থাৎ 12 জুন ৷ এই 100 টা পদৰ মাজৰ বিভাগ অনুসৰি খালী পদৰ বিৱৰণ এনেধৰণৰ-
1/ চাফাই কৰ্মী- 40 টা পদ : 18,000 টকা/মাহে
2/ ৰান্ধনী-15 টা পদ: 19,900 টকা/মাহে
3/ চিভিল মটৰ ড্ৰাইভাৰ- 42 টা পদ: 19,900 টকা/মাহে
4/ অসামৰিক কেটাৰিং প্ৰশিক্ষক-3 টা পদ : 19,900 টকা/মাহে
এই পদ সমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছেঃ
1. চাফাই কৰ্মী -দশম উত্তীৰ্ণ, প্ৰাসংগিক কামত দক্ষ
2. ৰান্ধনী- দশম উত্তীৰ্ণ, ৰন্ধনত দক্ষ (নিম্নতম 1 বছৰৰ অভিজ্ঞতাৰ সৈতে)
3. চিভিল মটৰ ড্ৰাইভাৰ- হেভি মটৰ ভেহিকল ড্ৰাইভাৰ লাইচেঞ্চ, 2 বছৰৰ ড্ৰাইভিং অভিজ্ঞতা
4. অসামৰিক কেটাৰিং প্ৰশিক্ষক- দশম উত্তীৰ্ণ, কেটাৰিং ডিপ্লোমা, কেটাৰিং প্ৰশিক্ষক হিচাপে 1 বছৰৰ অভিজ্ঞতা
এই আটাইকেইটা পদৰ বাবে বয়সৰ সীমা হৈছে 18 ৰ পৰা 25 বছৰ ৷ আৱেদন প্ৰ-পত্ৰ প্ৰেৰণ কৰাৰ ঠিকনা : প্ৰিজাইডিং অফিচাৰ, চিভিলিয়ান ডাইৰেক্ট ৰিকুইটমেণ্ট ব'ৰ্ড, চিএইচকিউ, এএছচি চেণ্টাৰ (দক্ষিণ)-2 এটিচি, এডভান্স পোষ্ট, বাংগালোৰ-07 ৷