তেজপুৰ, 21 জুলাই :দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰা নাৰীজনিত ঘটনাটো সন্দৰ্ভতব্যৱস্থা গ্ৰহণ কৰিবলৈ মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙক ৷ বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে 4 মে’ত মেইটেই পুৰুষৰ এটা দলে দুগৰাকী কুকি মহিলাক উলংগ কৰি সমদল কৰা গোচৰৰ ‘ধৰ্ষণকাৰী’ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকে উল্লেখ্য যে, বুধবাৰে ছ’চিয়েল মিডিয়াত বৰ্বৰ ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ঘটনা সন্দৰ্ভত ৰাজ্যপাল অনুছুইয়া উইকেয়ে ৰাজভৱনত আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙক সাক্ষাৎ কৰে । ইতিমধ্যে ৰুজু হোৱা গোচৰটো সন্দৰ্ভত তদন্তৰ অগ্ৰগতিৰ লগতে প্ৰয়োজন হ’লে ভুক্তভোগীসকলক বিশেষ সুৰক্ষা দিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক কয় ।
ইফালে দুগৰাকী মহিলাই উলংগ হৈ পেৰেড কৰা ভাইৰেল ভিডিঅ’টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে এই কাৰ্যক গৰিহণা দি সমাজৰ সকলো শ্ৰেণীকে শান্তি আৰু সম্প্ৰীতি বৰ্তায় ৰাখিবৰ বাবে আহ্বান জনায় । ৰাজ্যপাল উইকেয়ে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ জাৰি কৰে যে যিকোনো প্ৰকাৰে ঘটনাৰ ভুক্তভোগীয়ে ন্যায় পাব লাগে ৷ পৰিস্থিতি সাপেক্ষে দুগৰাকী মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত কাণ্ডৰ বাবে দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে ৷ ইয়াৰ লগতে, 4 মে'ৰ ঘটনাৰ সময়ত সংশ্লিষ্ট আৰক্ষী থানাৰ বিষয়াকো তদন্তৰ আওতালৈ আনি দোষী সাব্যস্ত হ’লে শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰে ।
এটা ভিডিঅ’ বাৰ্তাত ৰাজ্যপালগৰাকীয়ে ঘটনাটোত দুখ প্ৰকাশ কৰি কয়, "মণিপুৰৰ কাংপকপি জিলাত নগ্ন কৰি মহিলাক সমদল উলিওৱাৰ লগতে দলৱদ্ধ ধৰ্ষণৰ ঘটনাৰ বিষয়ে বিভিন্ন মাধ্যম/ভিডিঅ’ৰ জৰিয়তে জানিব পাৰিলোঁ । এই ঘটনাক তীব্ৰ গৰিহণা দিছো । এই ঘটনাত মই গভীৰভাৱে দুখী আৰু আঘাতপ্ৰাপ্ত হৈছো আৰু মোৰ মনটো অতিশয় বিচলিত হৈ পৰিছে । মোৰ ৰাজ্যত এনে ঘটনা সংঘটিত হ’ব পাৰে বুলি মই বিশ্বাস কৰিব পৰা নাছিলো । এনে এটা লজ্জাজনক কাম ৰাজ্যৰ একাংশ লোকে নিজৰ দাবী পূৰণৰ বাবে কৰিব পাৰে বুলি শুনি লজ্জা অনুভৱ হৈছে । এনে এক লজ্জাজনক ঘটনা সভ্য সমাজৰ বাবে কলংকৰ বিষয় । "
লগতে পঢ়ক :Kuki Women Raped: মণিপুৰ জঘন্য ঘটনাৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ