আগৰতলা, ২৬ এপ্ৰিল :ত্ৰিপুৰাৰ একাংশ সুলভ মূল্যৰ দোকানত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি (Corruption in some ration shops in Tripura)। মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ এক অভিযানত পোহৰলৈ আহিল এই তথ্য । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লগে লগে খাদ্য আৰু যোগান বিভাগে তলা লগালে দুৰ্নীতি সংঘটিত কৰা সুলভ মূল্যৰ দোকানত ।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আগৰতলাৰ লাল বাহাদুৰ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । একে সময়তে আকস্মিকভাৱে উক্ত অঞ্চলৰ ৮২ নং সুলভ মূল্যৰ দোকানখন যোগান বিভাগৰ বিষয়াসকলৰ সৈতে তেওঁ পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে লক্ষ্য কৰে যে, সেই সময়ত দোকানখনত মজুত আছিল ৩৬০০ কিল’গ্ৰাম চাউল ৷
ৰেচন দোকানৰ পঞ্জীয়কৰ মতে, ১৪৮০ কিল’গ্ৰাম চাউলহে দোকানখনত থাকিব লাগিছিল । অৰ্থাৎ প্ৰায় ২১২০ কিল’গ্ৰাম অতিৰিক্ত চাউল সুলভ মূল্যৰ দোকানখনত মজুত কৰি ৰখা হৈছিল । খাদ্য ভাণ্ডাৰৰ এনে বিসংগতি দেখাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে দোকানখনৰ গৰাকী চাইকত ভৌমিকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে (Tripura CM orders closure of corrupt ration shops)। লগে লগে যোগান বিভাগে বন্ধ কৰি দিয়ে দোকানখন (Government sealed ration shops in Tripura)।