অসম

assam

চৰকাৰে সংসদক অকাৰ্যকৰী কৰি তুলিব বিচাৰিছে : Kapil Sibal on suspension of 12 MPs

By

Published : Nov 30, 2021, 4:34 PM IST

ৰাজ্যসভাৰ পৰা ১২ জন বিৰোধী সাংসদক নিলম্বন কৰাক লৈ চৰকাৰক তীব্ৰ সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালৰ(Kapil Sibal's reaction on MPs suspension) । উক্ত দিনটোক সংসদৰ ইতিহাসত ক'লা দিন আখ্যা দিলে কংগ্ৰেছ নেতাগৰাকীয়ে । অনুশাসন ভংগৰ অভিযোগত সাংসদকেইগৰাকীক নিলম্বন কৰা হৈছিল ।

Kapil Sibal on suspension of 12 MPs
চৰকাৰক তীব্ৰ সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালৰ

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: ৰাজ্যসভাৰ পৰা ১২ জন সাংসদ নিলম্বন কৰা দিনটোক "সংসদৰ ইতিহাসৰ ক'লা দিন" আখ্যা দি জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালে (senior Congress leader Kapil Sibal) শাসকীয় দলক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁ অভিযোগ তোলে যে, চৰকাৰে সংসদক অকাৰ্যকৰী কৰি তুলিব বিচাৰিছে আৰু সাংসদক নিলম্বন কৰা কাৰ্যই চৰকাৰৰ সেই অভিপ্ৰায় স্পষ্ট কৰি তুলিছে(Kapil Sibal on suspension of 12 MPs) । অনুশাসন ভংগ কৰি সংসদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগত বিভিন্ন বিৰোধী দলৰ ১২ জন সাংসদক শীতকালীন অধিৱেশনৰ পৰা নিলম্বিত কৰা হয়(Suspension of MPs from Rajya Sabha) । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুলৈ এখন পত্ৰ প্ৰেৰণ কৰি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিনটোত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি সাংসদকেইগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল(Pralhad Joshi's letter to Venkaiah Naidu) ।

এই অভিযোগ উত্থাপনৰ পাচতে সাংসদকেইগৰাকীক নিলম্বন কৰা হয় । সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে কয় যে, "সংসদৰ ইতিহাসত এইটো এয়া এটা ক'লা দিন । তেওঁ লগতে কয় যে, চৰকাৰে সংসদক অকাৰ্যকৰী কৰি তুলিব বিচাৰিছে যে, সেয়া স্পষ্ট হৈ পৰিছে । তেওঁ লগতে কয় যে, চৰকাৰে জানে যে যদি তেওঁলোকে বিৰোধী সাংসদসকলক কোনো কাৰণ নোহোৱাকৈ এই ধৰণে নিলম্বন কৰে, তেন্তে বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু অধিৱেশন বৰ্জনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব ।

তেতিয়া চৰকাৰে দোষাৰোপ কৰিব যে বিৰোধীয়ে সদন কাম-কাজ চলোৱাত বাধা আৰোপ কৰিছে ।

তেওঁ অভিযোগ তোলে যে, দৰাচলতে, চৰকাৰে সদন চলাব বিচৰা নাই । চৰকাৰে এই সংসদক অকাৰ্যকৰী কৰি তুলিছে বুলিও তেওঁ অভিযোগ তোলে । কৃষি আইনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, চৰকাৰে আলোচনা অবিহনেই কৃষি আইন গৃহীত কৰিছিল আৰু এতিয়া কোনো আলোচনা নকৰাকৈয়ে চৰকাৰে এই আইন বাতিল কৰিব বুলি ঘোষণা কৰিছে ।

কংগ্ৰেছ নেতাজনে প্ৰশ্ন কৰে যে, যদি চৰকাৰে নিজৰ চৰ্ত অনুসৰি আলোচনা কৰিব বিচাৰে, তেন্তে সংসদ আৰু বিৰোধীৰ প্ৰাসংগিকতা কি? সাংসদসকলৰ নিলম্বনৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে যুঁজ দিয়াৰ প্ৰয়োজন বুলি পৰামৰ্শ দি কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, সদনৰ আভ্যন্তৰীণ বিষয়বোৰ আদালতৰ পৰিৱৰ্তে ৰাজনৈতিকভাৱে আলোচনা হওক । নিলম্বিত সাংসদকেইজন হৈছে- চিপিএমৰ এলামাৰাম কৰিম, ফুলো দেৱী নেতাম, ছায়া বাৰ্মা, আৰ বৰা, ৰাজমণি পেটেল, চৈয়দ নাছিৰ হুছেইন আৰু কংগ্ৰেছৰ অখিলেশ প্ৰসাদ সিং, চিপিআইৰ বিনয় বিশ্বম, তৃণমূল কংগ্ৰেছৰ শান্তা ছেত্ৰী, প্ৰিয়ংকা চতুৰ্বেদী আৰু শিৱসেনাৰ অনিল দেশাই ।

লগতে পঢ়ক:Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

ABOUT THE AUTHOR

...view details