জোনাই, ৬ নৱেম্বৰ: পুনৰ উক দিব নেকি সীমা সংঘাতে ! ৰক্তাক্ত হৈ পৰিব নেকি অসম-অৰুণাচলৰ সীমা(Assam Arunachal border) ! তুংগত আছে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা সমস্যা তথা সীমা সংঘাত (Border conflict Assam with neighbouring states)৷ বিগত কেইবা দিনো ধৰি অসম -মেঘালয় সীমান্ত উত্তপ্ত হৈ পৰাৰ পাছত এইবাৰ পুনৰ চুবুৰীয়া ৰাজ্যই অসমৰ সীমাত আগ্ৰাসন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে এইবাৰ অন্য ধৰণেহে চুবুৰীয়া ৰাজ্য অৰুণাচলে অসমৰ মাটি দখল কৰাৰ বাবে কুট-কৌশল চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে(Border conflict with Arunachal Pradesh) ৷
জানিব পৰা মতে, গুগলত শেহতীয়াকৈ সংশোধন কৰা মেপখনত অসমৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত অৰুণাচলে দখল কৰি নিজৰ বুলি দাবী কৰিছে(Google has revised the Assam Arunachal border) ৷ যাৰ ফলত অসমৰ কেইবাখনো ৰাজহ গাঁৱে অৰুণাচল প্ৰদেশৰ গাঁও হিচাপে নতুনকৈ চিহ্নিত হোৱাত আতংকিত হৈ পৰিছে কেইবাখনো সীমামূৰীয়া গাঁৱৰ ৰাইজ । গুগল মেপত অসমৰ-অৰুণাচলৰ সীমা সংশোধনক লৈ বিভিন্ন দল-সংগঠনৰ লগতে চিন্তিত হৈ পৰিছে জোনাইৰ সচেতন নাগৰিকে ৷ এনে সময়তে অসম চৰকাৰ কিম্বা জোনাই মহকুমা প্ৰশাসনৰ নীৰৱ ভুমিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম অৰুণাচল সীমান্তৱৰ্তী অসমীয়া ৰাইজে ।
সোমবাৰে অসম-অৰুণাচল সীমা সংশোধনক লৈ সীমান্তবাসী অসমীয়া ৰাইজে প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনাৰ জৰিয়তে সীমা সমস্যা মীমাংসা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, ধেমাজি জিলাৰ উপায়ুক্ত আৰু জোনাই মহকুমা মহকমাধিপতিলৈ পৃথকে পৃথকে জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে স্মাৰক পত্ৰখন ৷