নিউজ ডেস্ক, ১০ জানুৱাৰী :গোৱাত পুত্ৰক হত্যাৰ গোচৰত চিকিৎসকসকলে প্ৰকাশ কৰিছে যে অভিযুক্ত মাতৃয়ে মৃতদেহটো কঢ়িয়াই নিয়াৰ 36 ঘণ্টা পূৰ্বে শিশুটোক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল । গোৱাৰ এটা ছাৰ্ভিচ এপাৰ্টমেণ্টত তেওঁৰ চিইঅ' মাতৃয়ে হত্যা কৰা চাৰি বছৰীয়া শিশুটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয় যে শিশুটোক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল ।
উল্লেখ্য যে এটা কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্ট-আপৰ মুখ্য কাৰ্যবাহী বিষয়া সূচনা শেঠক সোমবাৰে নিশা কৰ্ণাটকৰ চিত্ৰদুৰ্গাত গোৱাৰ পৰা বাংগালুৰুলৈ যোৱাৰ পথত আটক কৰা হয় আৰু চাৰি বছৰীয়া পুত্ৰৰ মৃতদেহ এটা চুটকেচত উদ্ধাৰ হয় । পৰৱৰ্তী সময়ত তেওঁক গোৱা আৰক্ষীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় ।
"তেওঁক (শিশুটোক) শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল ৷ যাক আমি টেঁটুচেপা বুলি কওঁ । ইয়াৰ বাবে হয় কাপোৰ বা গাৰু ব্যৱহাৰ কৰা হৈছিল । শ্বাসৰুদ্ধ হোৱাৰ ফলত শিশুটিৰ মৃত্যু হৈছিল । এনেকুৱা দেখা নাযায় যে শিশুটোক হাত ব্যৱহাৰ কৰি শ্বাসৰুদ্ধ কৰা হৈছিল । এইটো গাৰু বা আন কোনো সামগ্ৰী ব্যৱহাৰ কৰা যেন লাগিছে ।" হিৰিয়ুৰ তালুক চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়া ডাঃ কুমাৰ নাইকে সাংবাদিকক কয় ।