অসম

assam

Girl Child leg stuck in train commode: চলন্ত অৱধ এক্সপ্ৰেছৰ কমোডত আবদ্ধ হৈ পৰিল ছোৱালীৰ ভৰি

By

Published : Aug 17, 2023, 8:35 PM IST

চলন্ত ৰেল এখনৰ কমোডত আৱদ্ধ হৈ পৰিল এগৰাকী ছোৱালীৰ ভৰি । তেনেকৈয়ে ৰে’লখন ২০ কিলোমিটাৰ আগবাঢ়ি গ’ল ৷ সিমান সময় ছোৱালীজনীৰ ভৰিখন আৱদ্ধ হৈয়ে থাকিল । পিচত টয়লেটৰ বাকচটো খুলি ছোৱালীজনীৰ ভৰিখন উলিয়াই আনোতেহে তাই সকাহ লাভ কৰে ।

Avadh Express
কমোডত আবদ্ধ হৈ পৰিল ছোৱালীৰ ভৰি

নেশ্যনেল ডেস্ক, 17 আগষ্ট :মঙলবাৰে তাজনগৰীত চলন্ত অৱধ এক্সপ্ৰেছৰ টয়লেট কমোডত আবদ্ধ হৈ পৰে এগৰাকী চাৰি বছৰীয়া ছোৱালীৰ ভৰি । ছোৱালীজনীয়ে চিঞৰি উঠাত মাকে ভৰিখন উলিয়াবলৈ বহু চেষ্টা কৰে । হুলস্থুল শুনি আন যাত্ৰীসকলো গোট খাই উক্ত স্থানত । সকলোৱে ছোৱালীজনীৰ ভৰিখন উলিয়াই আনিবলৈ চেষ্টা কৰে । ঘটনা দেখি উপস্থিত কোনোৱে লগে লগে ৰেলৱে’ হেল্পলাইনলৈ ফোন কৰে । এই সময়ছোৱাত ৰেলখনে প্ৰায় ২০ কিলোমিটাৰ অতিক্ৰম কৰে । অৱধ এক্সপ্ৰেছ ইতিমধ্যে ফাতেহপুৰ চিক্ৰী ষ্টেচনত উপস্থিত হয় । তাতেই টয়লেটৰ বাকচ খুলি ছোৱালীজনীৰ ভৰিখন উলিয়াই অনা হয় ৷

তথ্য অনুসৰি, বিহাৰৰ সীতামাঢ়ীৰ বাসিন্দা মহম্মদ আলীয়ে তেওঁৰ পত্নী আৰু ৪ বছৰীয়া কন্যাৰ সৈতে বাৰাউনী বান্দ্ৰা অৱধ এক্সপ্ৰেছৰ এচি কোচ বি ৬ ত ভ্ৰমণ কৰি আছিল । 15 আগষ্টৰ ৰাতিপুৱা, ৰেলখন আগ্ৰা ফৰ্ট ষ্টেচনৰ পৰা ওলাই যায় । ৰেলখন ঈদগাহ ষ্টেচনৰ পৰা ওলাই যোৱাৰ লগে লগে ছোৱালীজনীয়ে মাকক শৌচাগাৰলৈ লৈ যাবলৈ কোৱাত মাকে তাইক শৌচাগাৰলৈ লৈ যায় ।

শৌচাগাৰলৈ গৈ মাকে ছোৱালীজনীক কমোডত বহিবলৈ দিলে । তেনেকুৱাতে তেওঁলৈ এটা ফোন আহিল । ফোনটো ৰিচিভ কৰি তেওঁ কথা পাতিবলৈ ধৰিলে । অৱধ এক্সপ্ৰেছ নিজৰ গতিৰে চলি আছিল । স্পীডত থকাৰ বাবে ৰেলখন মাজে মাজে কঁপি উঠিছিল । হঠাতে ছোৱালীজনীৰ ভৰিখন কমোডত আবদ্ধ হৈ পৰে । যেতিয়া তাই কান্দিবলৈ ধৰে তেতিয়াহে মাকৰ মনোযোগ গ’ল তাইৰ ফালে ।

প্ৰথমতে মাকে তাইৰ ভৰিখন উলিয়াই আনিবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হোৱাত তেওঁ চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে ৷ শব্দ শুনি মহম্মদ আলীৰ লগতে বহু যাত্ৰী উক্ত স্থান পায়গৈ । সকলোৱে ছোৱালীজনীৰ ভৰিখন কমোডৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিবলৈ ধৰিলে । আঁতৰাব নোৱাৰাত ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে ।

যেতিয়া ৰেলখন 20 কিলোমিটাৰ দূৰত থকা পৰৱৰ্তী ষ্টেচন ফাতেহপুৰ চিক্ৰী পাইছিলগৈ তেতিয়ালৈকে ৰেলখনৰ গতিবেগ হ্ৰাস হৈছিল । যাত্ৰীসকলে ৰেল হেল্পলাইনত সহায় বিচাৰিছিল । প্ৰায় আধা ঘণ্টাৰ পিচত, ৰেলখন ফাতেহপুৰ চিক্ৰী ষ্টেচন পাইগৈ । জিআৰপি, আৰপিএফ আৰু ৰে'লবিষয়াসকল সেই কোচটোত উপস্থিত আছিল ।

ছোৱালীজনীৰ ভৰিখন যিদৰে কমোডত লাগি আছিল, এনে পৰিস্থিতিত, কমোডৰ তলত থকা বায়’ টয়লেট বাকচটো খোলাৰ বাহিৰে আন কোনো উপায় নাছিল । ৰে’লৱেৰ কাৰিকৰী দলটো আগ্ৰাৰ পৰা ফতেহপুৰ চিক্ৰীত উপস্থিত হৈছিল । প্ৰায় 30 মিনিটৰ প্ৰচেষ্টাৰ পিচত, দলটোৱে কমোডৰ তলৰ বায়’ টয়লেট বক্সটো খুলিবলৈ সক্ষম হয় । ইয়াৰ পিচত, ছোৱালীজনীৰ ভৰিখন বাহিৰলৈ উলিয়াই অনা হয় । গোটেই ঘটনাটোৰ সময়ত অৱধ এক্সপ্ৰেছ ফাতেহপুৰ চিক্ৰীত প্ৰায় এঘণ্টা ধৰি থিয় হৈ আছিল ।

লগতে পঢ়ক :Thane minor girl murder : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান, কিশোৰীক ছুৰীকাঘাত যুৱকৰ

ABOUT THE AUTHOR

...view details