নেশ্যনেল ডেস্ক, 16 অক্টোবৰ :উত্তৰ প্ৰদেশৰ আগ্ৰাত জঘন্য ঘটনা ৷ চুবুৰীয়া যুৱকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহননৰ পথ বাচি ল’লে এগৰাকী 19 বছৰীয়া যুৱতীয়ে ৷ ঘটনাৰ বিৱৰণ অনুসৰি যোৱা শনিবাৰ তথা 14 অক্টোবৰত খেৰাগড় আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী 19 বছৰীয়া যুৱতীৰ নিজ বাসগৃহত মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তাৰ পিচতে যুৱতীগৰাকীৰ পিতৃয়ে খেৰাগড় আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল ৷
পিতৃৰ অভিযোগ অনুসৰি চুবুৰীয়াৰ অভিষেক আৰু বিষ্ণু নামৰ দুই যুৱকে দীৰ্ঘদিন ধৰি তেওঁৰ কন্যাক হাৰাশাস্তি কৰি আহিছিল ৷ দুই যুৱকে ইয়াৰ পূৰ্বে এবাৰ যুৱতীগৰাকী স্নান কৰি থাকোঁতে স্নানাগাৰত এটা ভিডিঅ’ও প্ৰস্তুত কৰিছিল ৷ সেই ভিডিঅ’টো দেখুৱাই দুই যুৱতে যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছিল ৷
যোৱলা 13 অক্টোবৰত অভিষেক আৰু বিষ্ণুৱে ছাদেৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল ৷ দুই যুৱকে যুৱতীগৰাকীক ভিডিঅ’টো দেখুৱাই ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল ৷ যেতিয়া ছোৱালীজনীয়ে মান্তি হোৱা নাছিল, তেতিয়া যুৱক দুজনে তেওঁক প্ৰহাৰ কৰাৰ লগতে ডিঙিত ছুৰী ৰাখি ধমকি দিছিল ৷