নিউজ ডেস্ক, ২০ নৱেম্বৰ :দেশৰ অভিজাত হোটেল ৰেডিছন ব্লু হোটেলৰ মালিকৰ মৃতদেহ উদ্ধাৰ দিল্লীত (Radisson Blu Hotel owner suicide) । গাজিয়াবাদত থকা বিলাসবহুল হোটেলখনৰ মালিক অমিত জৈনৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হৈছে নিজৰ ঘৰতে । পূব দিল্লীৰ কমনৱেলথ গেমছ ভিলেজৰ (Commonwealth Games Village) ঘৰত উদ্ধাৰ হৈছে মৃতদেহটো । আৰক্ষীৰ প্রাথমিক তথ্য অনুসৰি, আত্মহত্যা কৰিছে অমিত জৈনে (Radisson Blu owner Amit Jain Suicide in Delhi) । অৱশ্যে মৃতদেহৰ কাষত কোনো ছুইচাইড নোট পোৱা হোৱা নাই ।
উল্লেখ্য, গাজিয়াবাদৰ কৌশাম্বিত বিলাসবহুল হোটেল ৰেডিছন ব্লু আছে অমিতৰ (Radisson Blu Ghaziabad) । শনিবাৰে মন্দাৱালি থানালৈ এটা ফোন আহে । তাৰ পৰাই আৰক্ষীয়ে মৃত্যুৰ খবৰ জানিব পাৰে । এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা নয়ডাৰ তেওঁৰ নিজৰ নতুন ঘৰত পুৱাৰ আহাৰ কৰি কমনৱেলথ গেমছ ভিলেজৰ ঘৰটোলৈ গৈছিল অমিত । আনহাতে, অমিত জৈনৰ আত্মীয়ৰ সৈতে কথা পাতি আৰক্ষীয়ে জানিব পাৰিছে যে সম্প্রতি নয়ডাৰ নতুন ঘৰলৈ পৰিয়ালটো লৈ যোৱাৰ কথা ভাবিছিল তেওঁ (Ghaziabad Radisson Blu hotel owner found hanging) ।