অসম

assam

ETV Bharat / bharat

পুনৰ গণধৰ্ষণ: অচেতন অৱস্থাত উদ্ধাৰ ১৯ বছৰীয়া যুৱতী

উত্তৰ প্ৰদেশৰ মাহোবাত জনশূণ্য এটি এলেকাত অচেতন অৱস্থাত উদ্ধাৰ ১৯ বছৰীয়া যুৱতী(Rape case in UP) ৷ পৰিয়ালৰ সহযোগত যুৱতীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ ৷

By

Published : Oct 7, 2022, 10:22 AM IST

gang-rape-case-in-up-mahoba
পুনৰ গণধৰ্ষণ: অচেতন অৱস্থাত উদ্ধাৰ ১৯ বছৰীয়া যুৱতী

নেশ্যনেল ডেস্ক,7 অক্টোবৰ: উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে গণধৰ্ষণৰ এক জঘণ্য ঘটনা (Gang Rape case in UP)৷ গেলামালৰ সামগ্ৰী আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় ধৰ্ষণৰ ঘটনাটো ৷

উত্তৰ প্ৰদেশৰ মহোবা জিলাত সংঘটিত হৈছে জঘণ্য ধৰ্ষণৰ ঘটনাটি ৷ স্থানীয় গাঁওবাসী লালু ভাৰ্মা আৰু আন দুজন লোকে অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ কথা জানিবলৈ দিয়ে ভুক্তভোগী যুৱতীগৰাকীয়ে । স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে । গেলামালৰ সামগ্ৰী কিনিবলৈ যোৱাৰ সময়তে চেগ বুজি একেখন গাৱঁৰে তিনিজনকৈ লোকে অপহৰণ কৰি নি নিজৰ অসৎ চৰিত্ৰাৰ্থ পূৰণ কৰে ৷

গেলামালৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ বহু পৰলৈ যুৱতীগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালটো চিন্তাত পৰে আৰু যুৱতীগৰাকীক বিচাৰি সমগ্ৰ গাঁও চলাথ কৰে পৰিয়ালটোয়ে ৷ ইয়াৰ পাছতেই গাঁৱৰ এটা বিচ্ছিন্ন এলেকাত অচেতন অৱস্থাত পৰি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে ১৯ বছৰীয়া যুৱতীগৰাকীক(19 year old gang raped) ৷ গাঁওখনৰ পানীৰ টেংকিৰ সমীপত ১৯ বছৰীয়া কিশোৰীগৰাকী পৰি থকা স্থানৰ পৰা স্থানীয় লালু ভাৰ্মাক পলায়ন কৰা প্ৰত্যক্ষ কৰে কিশোৰীগৰাকীৰ ভাতৃয়ে ৷

উল্লেখ্য যে, একে সময়তে আৰক্ষীয়ে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ বলপূৰ্বক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালটোৱে । সহকাৰী আৰক্ষী অধীক্ষক আৰ কে গৌতমে ঘটনা সন্দৰ্ভত কয় যে, "ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত স্থানীয় আৰক্ষী থানাত দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে আৰু ভুক্তভোগীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সমান্তৰালকৈ অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবে আৰক্ষীৰ দল গঠন কৰা হৈছে ।"

লগতে পঢ়ক:দিল্লী বিমান বন্দৰত জব্দ ২৭ কোটিটকীয়া ঘড়ী

ABOUT THE AUTHOR

...view details