অসম

assam

By

Published : Apr 11, 2022, 9:47 PM IST

ETV Bharat / bharat

গান্ধীজীয়ে তেওঁৰ চশমা যোৰ ঘূৰাই পাব...

কলকাতাৰ মায়ো ৰোড আৰু ডাফৰিন ৰোডৰ সংযোগস্থলত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো (Gandhiji's statue in junction of Mayo and Dufferin Road) সগৌৰৱে থিয় হৈ আছে ৷ দেৱী প্ৰসাদ ৰায়চৌধুৰীয়ে নিৰ্মাণ কৰা এই বিখ্যাত ব্ৰঞ্জৰ মূৰ্তিটোৱে এতিয়া ঘূৰাই পাব গান্ধী মূৰ্তি ট্ৰেডমাৰ্ক স্বৰূপ ঘূৰণীয়া চশমাযোৰ ৷ জানো আহক কেনেকৈ হেৰাই গৈছিল গান্ধীজীৰ মূ্ৰ্তিটোৰ চশমাযোৰ ৷

Gandhiji to get his glasses back
গান্ধীজীয়ে তেওঁৰ চশমা যোৰ ঘূৰাই পাব...

নেচনেল ডেস্ক, 11 এপ্ৰিল : ১৯৫৮ চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰাৰ পিছৰে পৰা কলকাতাৰ মায়ো ৰোড আৰু ডাফৰিন ৰোডৰ সংযোগস্থলত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো (Gandhiji's statue in junction of Mayo and Dufferin Road) সগৌৰৱে থিয় হৈ আছে ৷ এই বিখ্যাত ব্ৰঞ্জৰ মূৰ্তিটো দেৱী প্ৰসাদ ৰায়চৌধুৰীয়ে নিৰ্মাণ কৰিছিল ।

মূৰ্তিটো এতিয়াও একেদৰে আছে যদিও মূৰ্তিটোত এতিয়া নাই গান্ধী মূ্ৰ্তিৰ ট্ৰেডমাৰ্ক স্বৰূপ ঘূৰণীয়া চশমাযোৰ (Trademark round spectacles of Mahatma Gandhi) ৷ চুপাৰচাইক্লোন আমফানৰ বাবে 2020 ত গান্ধীজীৰ এই মূৰ্তিটোৱে চশমাযোৰ হেৰুৱাইছিল। এই ঘটনাৰ দুবছৰৰ পিছত এতিয়া, গান্ধীজীৰ চশমাজোৰ মূৰ্তিটোত সোনকালেই স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে (Gandhiji to get his glasses back) ।

ৰাজ্যিক লোক নিৰ্মাণ বিভাগৰ (পিডব্লিউডি) মতে, ঐতিহাসিক গান্ধী প্ৰতিমূৰ্তিটোৰ চশমা পুনৰ স্থাপনৰ বাবে ইতিমধ্যে পদক্ষেপ লোৱা হৈছে আৰু কালীঘাটৰ শিল্পী পিন্টু পালক চশমা বনোৱাৰ দায়িত্ব দিয়া হৈছে ।

গান্ধীজীয়ে তেওঁৰ চশমা যোৰ ঘূৰাই পাব...

শিল্পীজনে জানিব দিছে যে, তেওঁ ইতিমধ্যে মূৰ্তিটোৰ বাবে এযোৰ ব্ৰঞ্জৰ চশমা তৈয়াৰ কৰিছে ৷ বিভাগৰ চূড়ান্ত অনুমোদন পোৱাৰ পিছত, এই চশমাযোৰ পিন্ধোৱা হ'ব । এইটো জানিব পৰা গৈছে যে এই চশমাবোৰৰ ওজন প্ৰায় 2 কিলোগ্ৰাম আৰু ই কাণৰ পৰা চকুলৈ 18 ইঞ্চি দীঘল । মূৰ্তিটোৰ এক ঐতিহাসিক গুৰুত্বও আছে । লেখক কমল সৰকাৰে তেওঁৰ কলিকতা আইডল কিতাপখনত লিখিছিল যে কেনেকৈ মায়ো ৰোডৰ এই ঠাইত গান্ধীৰ মূৰ্তি স্থাপন কৰা হৈছিল ।

আজি বিদ্যমান গান্ধীৰ মূৰ্তিটো অতীতত পাৰ্ক ষ্ট্ৰীট-চৌৰংগী ক্ৰছিংত ৰখা হৈছিল । ইয়াৰ পূৰ্বে, এই স্থানত লেফটেনেণ্ট জেনেৰেল জেমছ আউট্ৰামৰ প্ৰতিমূৰ্তি এটাহে আছিল ৷ কিন্তু পশ্চিম বংগৰ প্ৰথম মুখ্যমন্ত্ৰী বিধান চন্দ্ৰ ৰয়ে আউট্ৰামৰ প্ৰতিমূৰ্তি আঁতৰাই গান্ধীৰ মূৰ্তিটো তাত স্থাপন কৰিছিল ৷ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৫৮ চনৰ ৩০ নৱেম্বৰত প্ৰতিমূৰ্তিটো উদ্বোধন কৰে ৷

লগতে পঢ়ক :হেলিকপ্টাৰৰ পৰা তললৈ সৰি পৰিল যুৱক; চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details