অসম

assam

ETV Bharat / bharat

G20 summit in Delhi:জি-২০ সন্মিলনৰ বাবে ৮ ৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত দিল্লীত ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষেধ - বিশেষ আৰক্ষী আয়ুক্ত

ৰাজধানীত জি-২০ সন্মিলনৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি চলি আছে । জি-২০ সন্মিলনৰ দিন কেইটাত কোন তাৰিখত যান-বাহনৰ পথ সলনি কৰা হ’ব বা অঞ্চলটোত ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব সেই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এক পৰামৰ্শ জাৰী কৰিছে ।

G20 summit in Delhi
জি-২০ সন্মিলন

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:45 PM IST

নেশ্যনেল ডেস্ক , 25 আগষ্ট :জি-২০ সন্মিলনৰ বাবে ৮ ৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত দিল্লীত নিৰাপত্তা ব্যৱস্থা অতি কঠোৰ হ’ব । এই সময়ছোৱাত, সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন দেশৰ পৰা অহা ৰাষ্ট্ৰপ্ৰধানসকলৰ নিৰাপত্তা আৰু তেওঁলোকক যাতায়তৰ সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ দিল্লী আৰক্ষীয়ে বিশেষ ব্যৱস্থা কৰিছে । কাৰ্যসূচীৰ সময়ত, যান-বাহন ব্যৱস্থাটো মসৃণ কৰি ৰাখিবলৈ যান-বাহন আৰক্ষীয়ে জনশক্তি ব্যৱহাৰ কৰিব । একে সময়তে, প্ৰযুক্তি ব্যৱহাৰ কৰি, প্ৰণালীটো সুচাৰুৰূপে চলাই নিবলৈ কাম কৰিব ৷

দিল্লী আৰক্ষীৰ প্ৰায় 10,000 কৰ্মীয়ে যান-বাহন আৰু নিৰাপত্তা ব্যৱস্থা চম্ভালিব । যান-বাহন আৰক্ষীৰ বিশেষ আয়ুক্ত সুৰেন্দ্ৰ যাদৱে শুকুৰবাৰে আৰক্ষী মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক জনায় যে কাৰ্যসূচীৰ সময়ত নতুন দিল্লী পৌৰ পৰিষদ (এন ডি এম চি) এলেকাত বাছৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব । ব্যক্তিগত বাহনকো অনুমতি দিয়া নহ’ব । ইয়াত কেৱল সেইসমূহ বাহনহে প্ৰৱেশ কৰিব পাৰিব যাৰ ডিউটী থাকিব ।

দিল্লী আৰক্ষীয়ে মানুহক সুচল যাতায়তৰ সুবিধা প্ৰদান কৰিবলৈ এটা ভাৰ্চুৱেল হেল্পডেস্ক স্থাপন কৰিছে । এই ভাৰ্চুৱেল হেল্প ডেস্কত, ৰাজধানীৰ বিভিন্ন পথ, সেইবোৰৰ ওপৰত কৰা ব্যৱস্থা আৰু তাত আৰোপ কৰা নিষেধাজ্ঞাৰ সৈতে লিংক দিয়া হ’ব । এই লিংকবোৰৰ জৰিয়তে, সংশ্লিষ্ট ব্যক্তিজনে তেওঁৰ প্ৰয়োজনীয় তথ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব ।

উদাহৰণ স্বৰূপে, যদি কোনোবাই নতুন দিল্লী ৰেল ষ্টেচনত নামি কৰবালৈ যাব লগা হয় আৰু তেওঁ কেনেকৈ যাব লাগে বুজি নাপায়, তেন্তে তেওঁ তেওঁৰ গন্তব্য স্থান ভাৰ্চুৱেল লিংকত দিব । ইয়াৰ পিচত, নেভিগেশ্বনৰ জৰিয়তে, সমগ্ৰ পথটো কেনেকৈ আৰু ক’ৰ পৰা ক’লৈ যাব লাগে চাব । ট্ৰেফিক আৰক্ষীয়ে গোটেই নেভিগেশ্বন প্ৰক্ৰিয়াটো গুগল আৰু মেপ মাই ইণ্ডিয়াৰ সৈতে শ্বেয়াৰ কৰিছে আৰু এইটো সোনকালেই অনলাইন তৈয়াৰ কৰা হ'ব ।

বিশেষ আয়ুক্ত সুৰেন্দ্ৰ যাদৱে কয় যে তিনিদিনীয়া চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে । এই সময়ছোৱাত ৰাইজক অযথা নতুন দিল্লীলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে । নতুন দিল্লীক সম্পূৰ্ণ নিয়ন্ত্ৰিত অঞ্চল হিচাপে গঢ়ি তোলা হৈছে । কোনো বৈধ কাৰণ অবিহনে সন্মিলনৰ সময়ত নতুন দিল্লীত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব । এই অঞ্চলত কাম কৰা বা বাস কৰা লোকসকলে যাতায়ত কৰিবলৈ আইডি কাৰ্ড দেখুৱাব লাগিব ।

সন্মিলনৰ সময়ত এন ডি এম চি এলেকাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে যান-বাহন । ইয়াত কেৱল সেই বাহনসমূহেহে চলাচল কৰিব পাৰিব, যি জি-২০ শীৰ্ষ সন্মিলনৰ কামত নিয়োজিত হৈ আছে নতুবা কিবা অত্যাৱশ্যকীয় সামগ্ৰী অনা-নিয়া কামৰ সৈতে জড়িত হৈ আছে । ইয়াত মেট্ৰ’ৰে অহা-যোৱাত কোনো বাধা নাই যদিও ব্যক্তিগত বাহন বা ৰাজহুৱা বাহনৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ।

দিল্লী আৰক্ষীয়ে ৭ আৰু ৮ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব লগা নিষেধাজ্ঞাৰ সৈতে বিশদ যান-বাহন পৰামৰ্শ জাৰী কৰিছে । ১০ ছেপ্টেম্বৰৰ নিশা ব্যৱস্থাৰ শেষলৈকে এই ব্যৱস্থা চলি থাকিব । ট্ৰেফিক এডভাইজাৰীত আমি বিভিন্ন সেৱা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিশদ নিৰ্দেশনা জাৰী কৰিছো । ৰিং ৰোডৰ বাহিৰত চলিব বাছ সেৱা । NDMC এলেকা হ’ব কণ্টেইনমেণ্ট জ’ন, য’ত বাছ সেৱা উপলব্ধ নহ’ব । এন ডি এম চি এলেকাত বন্ধ থাকিব বাণিজ্যিক প্ৰতিষ্ঠান । একে সময়তে দিল্লীৰ অন্যান্য প্ৰান্তৰ প্ৰতিষ্ঠানসমূহ খোলা থাকিব । নতুন দিল্লীৰ ফালে আহিলে মেট্ৰ’ সেৱা ব্যৱহাৰ কৰিবলৈ আমি আহ্বান জনাইছো ।

– সুৰেন্দ্ৰ যাদৱ, বিশেষ আৰক্ষী আয়ুক্ত (যাতায়ত)

লগতে পঢ়ক :PM Modi visit to Bengaluru: ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিবলৈ বেংগালুৰুলৈ যাব প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details