চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত চিবিআইৰ তদন্ত চলি থকা সময়তে বলীউড তাৰকাই ড্ৰাগছ সেৱন কৰাৰ কথা পোহৰলৈ আহে । ইয়াৰ পিছতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই তদন্ত আৰম্ভ কৰে । ড্ৰাগছ সেৱন কৰা তথা আনৰ বাবে নিচাযুক্ত দ্ৰব্য যোগাৰ ধৰাৰ অভিযোগত বহু কেইগৰাকী নামী-দামী বলীউড তাৰকা নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল । এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই গুজৰাটস্থিত ফৰেনচিক চায়েন্স গৱেষণাগাৰৰ সহায় বিচাৰে ।
নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই কেইবাগৰাকীও তাৰকাৰ মোবাইল ফোন জব্দ কৰিছিল আৰু বিশ্লেষণৰ বাবে মোবাইল ফোনবোৰ ফৰেনচিক চায়েন্স গৱেষণাগাৰক গতাই দিছিল । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, ফৰেনচিক চায়েন্স গৱেষণাগাৰে বিগত দুটা বছৰৰ ডাটা পুনৰুদ্ধাৰ কৰিছে । গৱেষণাগাৰ কৰ্তৃপক্ষই নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ক দুখন হাৰ্ড ডিস্কৰ মাধ্যমেৰে এই ডাটাসমূহ চমজাই দিছে । এই দুখন হাৰ্ড ডিস্ক ১৫০০ এইচ ডি ফিল্মৰ সমান ডাটাৰে ভৰি আছে । ডাটা পুনৰুদ্ধাৰৰ বাবে এক বিশেষ কৌশল অৱলম্বন কৰিছে ফৰেনচিক চায়েন্স গৱেষণাগাৰে ।