নিউজ ডেস্ক, 30 জুলাই :মানুহৰ ইজনৰ আনজনৰ সৈতে থকা পাৰস্পৰিক সম্পৰ্কৰ নামেই হৈছে 'বন্ধুত্ব' (Friendship) ৷ বন্ধুত্বক মানৱ জীৱনৰ স্বৰ্গীয় অনুভূতি বুলি অভিহিত কৰা হয় ৷ আত্মাৰ শক্তিশালী বন্ধন হৈছে বন্ধুত্ব ৷ আজিৰ সময়ত এখন ভাল কিতাপ আৰু বন্ধু বিচাৰি পোৱাতো বহুত কঠিন । বন্ধুসকল জীৱনৰ এনে এটা অংশ, যাৰ কোনো সঠিক ব্যাখ্যা নাই ।
এজন বন্ধু এগৰাকী বিশেষ ব্যক্তি, যাৰ সৈতে আপুনি কোনো সংকোচ নকৰাকৈ মুকলিকৈ কথা ক’ব পাৰে । বন্ধুত্ব উদযাপন কৰিবলৈ আন্তৰ্জাতিকভাৱে এটা বিশেষ দিন আছে । কিন্তু বন্ধুবৰ্গৰ বাবে দৰাচলতে কোনো পৃথক দিন নাথাকে । বন্ধুসকল চিৰদিনৰ বাবে....
প্ৰতিবছৰে আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে উদযাপন কৰা হয় 'আন্তৰ্জাতিক বন্ধুত্ব দিৱস' (International Friendship Day) ৷ এইবেলিও 1 আগষ্ট অৰ্থাৎ দেওবাৰে উদযাপন কৰা হ’ব এই বিশেষ দিনটো ৷
কিয় উদযাপন কৰা হয় এই বন্ধুত্ব দিৱস ? 1935 চনত আমেৰিকান চৰকাৰে(America Govt) এজন লোকক হত্যা কৰিছিল । দিনটো আছিল আগষ্ট মাহৰ প্ৰথমটো শনিবাৰ । লোকজনৰ এজন বন্ধুৱে পিছদিনা হত্যাৰ প্ৰতিবাদ কৰি আত্মহত্যা কৰিছিল । তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতে বন্ধুবৰ্গৰ অৱদানক সন্মান জনাই আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷