অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত 4 নাবালিকাক ধৰ্ষণ: আটক 7 অভিযুক্ত - 7 অভিযুক্তক আটক

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত দেওবাৰে নিশা সংঘটিত হৈছে এক ধৰ্ষণকাণ্ড ৷ 7 বন্ধুৱে ধৰ্ষণ কৰিলে চাৰি নাবালিকাক ৷ 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে আটক কৰিছে আটাইকেইজন অভিযুক্তক ৷

Four minors gang raped, seven held
ত্ৰিপুৰাত 4 নাবালিকাক ধৰ্ষণ: আটক 7 অভিযুক্ত

By

Published : Jun 15, 2021, 10:04 AM IST

আগৰতলা, 15 জুন : আগৰতলা চহৰৰ উপকণ্ঠ অঞ্চলত দেওবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ দেওবাৰে নিশা চাৰিগৰাকী নাবালিকাক নিৰ্মমভাৱে ধৰ্ষণ কৰে সাত দুষ্কৃতিকাৰীয়ে । ঘটনাটো সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে উক্ত ঘটনাৰে জড়িত মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । তদন্তকাৰী বিষয়া মাণিক দেৱনাথে কয়, "সকলো অভিযুক্তক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোমবাৰে পুৱা আদালতলৈ প্ৰেৰণ কৰা হয়"।

সূত্ৰৰ পৰা জানিব পৰা মতে, চাৰি নাবালিকাক তেওঁলোকৰ একাংশ ঘনিষ্ঠ বন্ধুৱে ভ্ৰমণৰ বাবে লগ ধৰিছিল ৷ নাবালিকা কেইগৰাকীয়ে বন্ধুৰ কথাত পতিয়ন গৈ ফুৰিবলৈ ওলাই যায় ৷ ভুক্তভোগী কেইগৰাকীয়ে আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি, তেওঁলোকৰ বন্ধু কেইজনে আগৰতলা চহৰৰ সমীপৱৰ্তী পেৰীপেৰিচত অৱস্থিত চৰকাৰী ৰবৰ বাগিচালৈ লৈ যায় ৷ সান্ধ্য আইনৰ সময়চোৱাত আৰক্ষীৰ পৰা বাচিবলৈ উক্ত স্থান নিৰ্বাচিত কৰা বুলি কয় যুৱক কেইজনে ৷

ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত 7 অভিযুক্তই নাবালিকা কেইগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । আটাইকেইজন অভিযুক্ত 19-21 বছৰ বয়সৰ ভিতৰৰ ৷ ভুক্তভোগীয়ে যুৱক কেইজনৰ অসৎ উদ্দেশ্য অনুভৱ কৰাৰ আগতে শাৰীৰিক উৎপীড়ন আৰম্ভ কৰে ৷ উৎপীড়নৰ অন্তত নাবালিকা কেইগৰাকীক ঘটনাস্থলীত এৰি যুৱকৰ দলটোৱে পলায়ন কৰে ৷

তাৰপাছতে ভুক্তভোগীয়ে ঘাইপথত উপস্থিত হৈ এখন অটোত ঘৰলৈ ওভতে । পৰৱৰ্তী সময়ত ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে আগৰতলা থানাত অভিযোগ দাখিল কৰাত আৰক্ষীয়ে ঘটনাটোত জড়িত প্ৰত্যেককে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে আটক কৰা অভিযুক্ত কেইজন ক্ৰমে: চম্পক নগৰৰ মনোজিৎ দেৱবৰ্মা (19), বৰ্ধমান ঠাকুৰপাৰাৰ বীৰ কুমাৰ দেৱবৰ্মা (21), বৰ্ধমান ঠাকুৰপাৰাৰ ৰিপন দেৱবৰ্মা (19), বেলপাৰাৰ বিমল দেৱবৰ্মা (20), বৰ্ধমান ঠাকুৰপাৰাৰ চাজল দেৱবৰ্মা (20), চম্পক নগৰৰ চানকাই দেৱবৰ্মা (19) আৰু চম্পকনগৰৰ বিশাল দেৱবৰ্মা (21) ৷

ইতিমধ্যে অভিযুক্ত কেইজনৰ বিৰুদ্ধে শিশু সুৰক্ষা(POCSO) আইনৰ আইপিচি ধাৰা 376 (বি), 120 (বি) ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । বৰ্তমান এই ঘটনাই সমগ্ৰ ত্ৰিপুৰাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: প্ৰতিমাহে দুদিনকৈ মন্ত্ৰীয়ে পাতিব লাগিব নৈশভোজ : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details