- শ্বিলঙত সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা
- শ্বিলঙত কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰি কয়দীক মৰিয়াই মৰিয়াই হত্যা কৰে স্থানীয় লোকে
- দেওবাৰে শ্বংপুঙৰ এখন অৰণ্যত চাৰি কয়দীক খেদি খেদি মৰিয়াই মৰিয়াই হত্যা কৰাৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে
- শ্বিলং আৰক্ষীয়ে ইতিমধ্যে তিনিজন বন্দীক চিনাক্ত কৰিছে
- এই ভিডিঅ’ত ইউনিফৰ্ম পিন্ধা এজন আৰক্ষী ওচৰতে থিয় হৈ থকাও প্ৰত্যক্ষ কৰা হৈছিল
- "আমি এইমাত্ৰ লিঞ্চিং ঘটনা সন্দৰ্ভত এটা ভিডিঅ' পাইছো", এগৰাকী আৰক্ষী বিষয়াই কয়
- উল্লেখ্য যে শনিবাৰে আবেলি আই লাভ ইউ টালাং, ৰমেশ ডিখাৰ, মাৰ্চানকি টাৰিয়াং (দোষী), ৰিকামেনলাং লামাৰে, শিডৰ্কি ডিখাৰ আৰু লোডেষ্টাৰ টাং নামৰ আন পাঁচ কয়দীয়ে জোঁৱাই কাৰাগাৰৰ পৰা পলায়ন কৰিছিল
শ্বিলঙত কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰি কয়দীক মৰিয়াই মৰিয়াই হত্যা
শ্বিলঙত কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰি কয়দীক মৰিয়াই মৰিয়াই হত্যা কৰে স্থানীয় লোকে (Mob lynching case in Shillong)
Four death in mob lynching