অসম

assam

ETV Bharat / bharat

ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ চাৰি - তেলেংগানা আৰক্ষী

ৰেমডেচিবিৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত তেলেংগানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চাৰিজনীয়া এটা দল ৷ ৩,০০০-৫,০০০ টকাৰ বজাৰ মূল্যৰ বিপৰীতে ২৫,০০০ টকাত এটা ভাইল বিক্ৰী কৰি থকা সময়তে হাতে-লোটে ধৰা পৰে চাৰিজনীয়া দলটো ।

ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ ৩ জনক
ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ ৩ জনক

By

Published : Apr 24, 2021, 10:58 AM IST

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: এফালে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ, আনফালে চলিছে মহামাৰীত আক্ৰান্তৰ চিকিৎসাত ব্যৱহৃত প্ৰতিষেধকৰ ক'লা বেহা । ৰেমডেচিবিৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত তেলেংগানাৰ কৰিমনগৰত আৰক্ষীয়ে শুকুৰবাৰে চাৰিজনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা ৰেমডেচিবিৰ বেজী জব্দ কৰে আৰক্ষীয়ে ।

এক গোপন সূত্ৰৰ পম খেদি তেলেংগানা আৰক্ষীয়ে লোক চাৰিজনক গ্ৰেপ্তাৰ কৰে । চহৰখনত চাৰিজনীয়া দলটোৱে ৰেমডেচিবিৰ বেজী বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় বুলি জানিবলৈ দিয়ে কৰিমনগৰৰ আৰক্ষী আয়ুক্ত ভি বি কমলাসন ৰেড্ডীয়ে । চাৰিজনীয়া দলটোৱে ৩,০০০-৫,০০০ টকাৰ বজাৰ মূল্যৰ বিপৰীতে ২৫,০০০ টকাত এটা ভাইল বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীৰ জালত পৰে দলটো ।

উল্লেখ্য যে, ৰেমডেচিবিৰ অবৈধ ব্যৱসায় চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সতৰ্ক জাৰি কৰিছিল আৰক্ষী আয়ুক্ত ভি বি কমলাসন ৰেড্ডীয়ে ৷ কিন্তু আৰক্ষীৰ সতৰ্কবাণীকো অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশই চলাই গৈছে ৰেমডেচিবিৰ অবৈধ ব্যৱসায় ।

লগতে পঢ়ক: উপযুক্ত চিকিৎসাৰ অভাৱত কলকাতাত মৃত্যু ক'ভিড আক্ৰান্ত মহিলাৰ

ABOUT THE AUTHOR

...view details