অসম

assam

ETV Bharat / bharat

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সম্পৰ্ক - ভাৰতৰ স্বাধীনতা সংগ্ৰাম

তেতিয়া ইংৰাজৰ বিৰুদ্ধে যুঁজত নামিছিল ভাৰতৰ জনতা । সকলোৱেই একো একোটা বিশেষ ভূমিকা পালন কৰি স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰিছিল । জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্যসকলেও এই সংগ্ৰামত উল্লেখনীয় অৱদান আগবঢ়াইছিল । ডাঃ মুখতাৰ আহমেদ আনছাৰী আৰু হাকীম আজমল খানে স্বাধীনতা সংগ্ৰামীসকলক চিকিৎসা সাহায্য প্ৰদান কৰিছিল । বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্যসকলে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল ।

Independence day series
ভাৰতৰ স্বাধীনতা সংগ্ৰামত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভূমিকা

By

Published : Oct 30, 2021, 10:22 PM IST

Updated : Oct 31, 2021, 8:32 AM IST

নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ: মহাত্মা গান্ধীয়ে আহ্বান জনোৱা অসহযোগ আন্দোলনৰ প্ৰতি সঁহাৰি জনোৱা ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়বোৰৰ ভিতৰত অন্যতম জামিয়া মিলিয়া ইছলামিয়া । ১৯২০ চনৰ ২৯ অক্টোবৰত স্থাপিত বিশ্ববিদ্যালয়খনে এটা শতিকা পাৰ কৰিছে । দেশৰ সামাজিক-ৰাজনৈতিক বিষয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে । সেয়ে, ভাৰতে স্বাধীনতাৰ ৭৫ বছৰৰ আনন্দ উদযাপন কৰাৰ সময়ত ইতিহাসৰ পৃষ্ঠা লুটিয়াই জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য ডাঃ মুখতাৰ আহমেদ আনছাৰী আৰু হাকীম আজমল খানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা উচিত ।

তেওঁলোকে কেৱল জামিয়া মিলিয়া ইছলামিয়া স্থাপনৰ ক্ষেত্ৰত আগ-ভাগ লোৱাই নহয়, বিপ্লৱীসকলক সহায় কৰি স্বাধীনতা সংগ্ৰামৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল । ১৯২৮ চনৰ পৰা ১৯৩৬ চনলৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ আনছাৰীয়ে । কংগ্ৰেছ আৰু মুছলিম লীগৰ সদস্যগৰাকী স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা স্বাধীনতা সংগ্ৰামীসকলৰ বাবে আছিল এক ভৰসা । বুৰঞ্জীবিদ চোহেইল হাছমীয়ে কয় যে, স্বাস্থ্য সেৱাৰ জৰিয়তে দেশৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ড০ মুখতাৰ আহমেদ আনছাৰীয়ে ।

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ কি সম্পৰ্ক আছে ?

সেই সময়ত ভাৰতত তিনিজন মহান শল্য চিকিৎসক আছিল আৰু সেই সকল আছিল কলকাতাৰ ডাঃ বিধান চন্দ্ৰ ৰায়, মুম্বাইৰ মিৰাজকাৰ আৰু দিল্লীৰ ডাঃ মুখতাৰ আহমেদ আনছাৰী । দিল্লীৰ দৰিয়াগঞ্জত ডাঃ আনছাৰীৰ এটা ডাঙৰ ঘৰ আছিল । দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰা শীৰ্ষ প্ৰতিনিধিসকল এই বাসগৃহটোলৈ আহিছিল আৰু সময় কটাইছিল ।

সেই সময়ৰ কথা স্মৰণ কৰি হাছমীয়ে কয় যে, বহু স্বাধীনতা সংগ্ৰামী ডাঃ আনছাৰীৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছিল । স্বাস্থ্যজনিত সমস্যাত ভোগা বিপ্লৱীসকলক নিজৰ ঘৰত আশ্ৰয় দিছিল ডাঃ আনছাৰীয়ে । হাছমীয়ে লগতে কয় যে, বিভিন্ন মতাদৰ্শ থকা স্বাধীনতা সংগ্ৰামী আহিছিল ডাঃ আনছাৰীৰ ওচৰলৈ । কংগ্ৰেছ, কমিউনিষ্ট নেতাসকলৰ লগতে গোপনে আন্দোলন চলোৱা নেতা সকলো তেওঁৰ ওচৰলৈ আহিছিল ।

প্ৰয়োজন সাপেক্ষে তেওঁৰ ঘৰতে আশ্ৰয় লৈছিল একাংশ স্বাধীনতা সংগ্ৰামীয়ে । হাছমীয়ে কয় যে, মহাত্মা গান্ধীয়ে দিল্লীত যেতিয়া স্বাধীনতা সংগ্ৰামীসকলক প্ৰশ্ন কৰিছিল যে, তেওঁলোকৰ ৰজা কোন ? তেতিয়া মানুহে ডাঃ আনছাৰীৰ নাম লৈছিল । ১৮৬৮ চনত জন্মগ্ৰহণ কৰা হাকীম আজমল খানে খিলাফত আন্দোলন আৰু অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিছিল । ১৯২০ চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল আৰু মহাত্মা গান্ধীৰ সৈতে শৌকত আলী, মহম্মদ আলী, মৌলানা আব্দুল কালাম আজাদকে ধৰি বিশিষ্ট নেতাসকলে বিদ্ৰোহ আৰম্ভ কৰিছিল ব্ৰিটিছ শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ।

ব্ৰিটিছ পৰিচালিত সকলো শিক্ষানুষ্ঠান বৰ্জন কৰাৰ আহ্বান জনোৱা হৈছিল । এই আহ্বানৰ প্ৰতিক্ৰিয়াস্বৰূপে জাতীয়তাবাদী শিক্ষক আৰু শিক্ষাৰ্থীৰ এটা গোটে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহে আৰু এনেদৰে তেওঁলোকে বিশ্ববিদ্যালয়খনৰ ব্ৰিটিছ পন্থী নীতিৰ বিৰোধিতা কৰে । এই আন্দোলনত মৌলানা মেহমুদ হাছান, মৌলানা মহম্মদ আলী, হাকীম আজমল খান, ডাঃ মুখতাৰ আহমেদ আনছাৰী আৰু আব্দুল মজিদ খোৱাজাও জড়িত হৈ আছিল । আৰম্ভণিতে, এটা ভাড়াঘৰত আৰম্ভ কৰা হৈছিল পাঠদান ।

১৯২৫ চনত হাকীম আজমল খান, ডাঃ মুখতাৰ আহমেদ আনছাৰী আৰু আব্দুল মজিদ খোৱাজাই গান্ধীৰ সমৰ্থনত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ক আলিগড়ৰ পৰা নতুন দিল্লীৰ কৰোলবাগলৈ স্থানান্তৰিত কৰে । গান্ধীয়ে কৈছিল যে, জামিয়া আগবাঢ়ি যাব লাগিব । তেওঁ লগতে কয় যে, যদি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিত্তীয় সংকটক লৈ চিন্তিত হয়, তেন্তে তেওঁ হাতত এটা বাতি লৈ ভিক্ষা খুজিবলৈ ওলাই যাব । আজমল খানৰ দেউতাকে বালিমাৰাণৰ শ্বৰীফ মঞ্জিলত এখন চিকিৎসালয় নিৰ্মাণ কৰিছিল ।

কিন্তু লাহে লাহে শ্বৰীফ মঞ্জিল কংগ্ৰেছৰ কাৰ্যালয়লৈ পৰিৱৰ্তিত হয় আৰু দিল্লীত প্ৰতিখন কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক চিকিৎসালয়খনতে অনুষ্ঠিত হয় । জামিয়া প্ৰেছ, মাকতাবা আৰু পুথিভঁৰালৰ বাহিৰে জামিয়াৰ সকলো প্ৰতিষ্ঠান পিছত স্থানান্তৰিত কৰা হৈছিল নতুন চৌহদলৈ । ১৯২৭ চনত আজমল খানৰ মৃত্যু হয় আৰু সেই সময়ত আৰ্থিক সংকট সৃষ্টি হৈছিল জামিয়াত ।

১৯৩৪ চনত ডাঃ আনছাৰীৰো দেহাৱসান ঘটে । দুয়োকে জামিয়াৰ মাটিতে কবৰস্থ কৰা হয় । এটাৰ পাছত আনটো প্ৰজন্মৰ শিক্ষাৰ্থীয়ে যেতিয়া জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত পঢ়ি দেশৰ সামাজিক গাঁঠনিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, তেতিয়া আজমল খান আৰু ডাঃ আনছাৰীয়ে কৰা কষ্ট সাৰ্থক হোৱা বুলি প্ৰমাণিত হয় ।

লগতে পঢ়ক: আকৌ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম

Last Updated : Oct 31, 2021, 8:32 AM IST

ABOUT THE AUTHOR

...view details