অসম

assam

ETV Bharat / bharat

প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ দেহাৱসান - অনুচ্ছেদ ৩৭০ বাতিল

বুধবাৰে নিশা প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ পৰলোক প্ৰাপ্তি ৷ বিগত ১০ বছৰ ধৰি গৃহবন্দী হৈ আছিল নেতাগৰাকী । মৃত্যুৰ সময়ত নেতাগৰাকী বয়স হৈছিল প্ৰায় ৯১ বছৰ ৷

প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ শেষ নিশ্বাস ত্যাগ
প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ শেষ নিশ্বাস ত্যাগ

By

Published : Sep 2, 2021, 8:51 AM IST

নেশ্যনেল ডেস্ক, 2 ছেপ্তেম্বৰ : প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীয়ে(Syed Ali Shah Geelani) বুধবাৰে নিশা শ্ৰীনগৰত থকা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত নেতাগৰাকী বয়স হৈছিল প্ৰায় ৯১ বছৰ ৷ বিগত ১০ বছৰ ধৰি গৃহবন্দী হৈ আছিল নেতাগৰাকী । পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (Peoples Democratic Party) মুৰব্বী মেহবুবা মুফটিয়ে গিলানীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (Peoples Democratic Party) মুৰব্বীগৰাকীয়ে টুইট কৰি কয় যে, "গিলানী চাহাবৰ মৃত্যুৰ খবৰত দুখিত হৈছো । আমি হয়তো বেছিভাগ বিষয়ত সন্মত হোৱা নাছিলো ৷ কিন্তু তেওঁৰ দৃঢ়তা আৰু বিশ্বাসৰ সৈতে থিয় দিয়াৰ বাবে মই তেওঁক সন্মান কৰো । তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো" ৷

চৈয়দ আলী শ্বাহ গিলানীৰ ১৯২৯ চনৰ ২৯ ছেপ্তেম্বৰত উত্তৰ কাশ্মীৰত জন্ম হৈছিল আৰু তেওঁৰ জামাত-ইছলামী নামৰ ধৰ্মীয় সংগঠনটোৰ সৈতে জড়িত আছিল । প্ৰায় কেইবাদশক JEI ৰ সৈতে জড়িত আছিল গিলানী আৰু তেহৰিক-ই-হুৰিয়ত প্ৰতিষ্ঠা কৰাৰ পূৰ্বে ইয়াৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী গোট অল পাৰ্টী হুৰিয়ত কনফাৰেন্সৰ অধ্যক্ষ পদতো ন্যস্ত আছিল ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 125 টকাৰ মুদ্ৰা

তেওঁ ১৯৭২, ১৯৭৭ চনত জম্মু-কাশ্মীৰৰ শ্বপোৰ সমষ্টিৰ পৰা আৰু ১৯৮৭ চনত মুছলিম ইউনাইটেড ফ্ৰণ্টৰ সৈতে জামাতৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত গিলানীয়ে চৈয়দ আলী শ্বাহ গিলানীয়ে ২০২১ চনৰ জুন মাহত অল পাৰ্টী হুৰিয়ত কনফাৰেন্সৰ (All Party Hurriyat Conference) পৰা পদত্যাগ কৰিছিল । ইডিয়ে কিছুদিন পূৰ্বে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ (ফেমা) অধীনত গিলানীক ১৪.৪ লাখ টকাৰ জৰিমনা বিহাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷

বিচ্ছিন্নতাবাদী নেতাজনৰ মৃত্যুৰ পিছত উপত্যকাটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (IGP) বিজয় কুমাৰে সদৰী কৰা অনুসৰি, সম্প্ৰতি উপত্যকাটোত ইণ্টাৰনেট সেৱা স্থগিত ৰখাকে ধৰি বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে হত্যা হ’ব অগ্ৰণী হিন্দুত্ববাদী নেতাৰ : ৰাকেশ টিকেট

ABOUT THE AUTHOR

...view details