অসম

assam

ETV Bharat / bharat

Congress leader shot dead in Punjab : কংগ্ৰেছ নেতা মেজৰ সিঙক গুলীয়াই হত্যা

পাঞ্জাৱৰ তৰ্ণ তৰণৰ এছ বি আই ৰিজৰ্টত মহিলাই গুলীয়াই হত্যা কৰে পট্টী বজাৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ তথা কংগ্ৰেছ নেতা মেজৰ সিঙক (Congress leader Major Singh shot dead)। তেওঁৰ শৰীৰত দুটাকৈ গুলী লাগিছে । আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ অভিযান আৰম্ভ কৰিছে ।

By

Published : Feb 27, 2023, 9:39 PM IST

Congress leader shot dead in Punjab
কংগ্ৰেছ নেতা মেজৰ সিঙক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী :পাঞ্জাৱৰ পট্টী বজাৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ তথা কংগ্ৰেছ নেতা মেজৰ সিঙক হত্যা (Congress leader Major Singh shot dead)। সোমবাৰে পাঞ্জাৱৰ তৰ্ণ তৰণৰ এছ বি আই ৰিজৰ্টত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সিঙক । আৰক্ষীয়ে জনোৱা মতে, সিং এছ বি আই ৰিজৰ্টত থকা সময়ত এটা দুৰ্বৃত্তৰ দলে বলপূৰ্বকভাৱে চৌহদত প্ৰৱেশ কৰে আৰু তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সিঙক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ঘটনাৰ সাক্ষীসকলক সোধা-পোছা অব্যাহত ৰাখিছে লগতে দুৰ্বৃত্তসকলক চিনাক্ত কৰিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে । সমগ্ৰ ঘটনাক লৈ এতিয়া অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই হত্যাকাণ্ড এগৰাকী মহিলা জড়িত আছে (Woman killed Congress leader)। মহিলাগৰাকীয়ে সীমান্তৱৰ্তী চহৰ পট্টিৰ চাংৱা গাঁৱত সিঙৰ মালিকানাধীন বিবাহ প্ৰাসাদৰ সমীপত কংগ্ৰেছ নেতাজনৰ ওপৰত গুলীচালনা কৰে । দুটা গুলী তেওঁৰ শৰীৰত আঘাত কৰে আৰু তেওঁৰ মৃত্যু হয় । অভিযুক্তক আটক কৰা উদ্দেশ্যে আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছে বুলিও আৰক্ষীয়ে অৱগত কৰিছে ।

শেহতীয়াকৈ, পাঞ্জাৱত সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ (Sidhu Moose Wala murder case) পৰা আৰম্ভ কৰি কেইবাটাও হত্যাকাণ্ডৰ সাক্ষী হৈছে সাধাৰণ জনতা । শেহতীয়াকৈ কোচাৰ বজাৰৰ লুধিয়ানা আদালতৰ সমীপত দুটা পক্ষৰ মাজত গুলীচালনা হৈছিল । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে এই ঘটনাত একাধিক ৰাউণ্ড গুলীচালনা কৰা হৈছে আৰু এজন লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে । কিন্তু, গুলীচালনা কৰা অভিযুক্ত পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে গোচৰটোৰ তদন্ত অব্যাহত আছে (Punjab murder case)। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে তিনি ৰাউণ্ডতকৈও অধিক গুলীচালনা কৰা হৈছিল আৰু এগৰাকী পথচাৰী এই গুলীত আঘাতপ্ৰাপ্ত হৈছিল । আৰক্ষীয়ে তেওঁক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Gold merchant body recovered: পত্নী-কন্যাসহ সোণৰ ব্যৱসায়ীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details