অসম

assam

ETV Bharat / bharat

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাচি সিং ৰাৱাটৰ দেহাৱসান

শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বাচি সিং ৰাৱাটে ৷ 72 বছৰ বয়সত এইমছত মৃত্যু হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাচি সিং ৰাৱাটৰ দেহাৱসান
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাচি সিং ৰাৱাটৰ দেহাৱসান

By

Published : Apr 19, 2021, 11:27 AM IST

নিউজ ডেস্ক, 19 এপ্ৰিল : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বাচি সিং ৰাৱাটে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সত চিকিৎসাধীন হৈ থকা অৱস্থাত 72 বছৰত মৃত্যু হয় প্ৰাক্ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৷ শনিবাৰে জ্যেষ্ঠ বিজেপি নেতা বাচি সিং ৰাৱাটে হঠাৎ উশাহ লোৱাত কষ্ট পোৱাত গুৰুত্বভাৱে অসুস্থ হৈ পৰে ৷ ইয়াৰ পাচতে এয়াৰ এম্বুলেন্সৰ জৰিয়তে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সত ভৰ্তি কৰা হয় বাচি সিং ৰাৱাটক ৷

এইমছৰ চিকিৎসক বি.এছ. বাষ্টিয়াই বাচি সিং ৰাৱাটৰ মৃত্যু কথা ঘোষণা কৰে ৷ বাচি সিং ৰাৱাট আলমোৰা-পিথোৰাগড় সমষ্টিৰ পৰা চাৰিবাৰকৈ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু তেওঁ অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আছিল। উল্লেখ্য যে, কেন্দীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে গভীৰ শোক প্ৰকাশ কৰা লগতে বিজেপি শীৰ্ষ নেতৃত্বৰ আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বিভিন্ন জনে শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি

ABOUT THE AUTHOR

...view details