অসম

assam

ETV Bharat / bharat

Budget 2023: থলুৱা শিপিনী আৰু শিল্পকলাৰ লগত জড়িত মহিলাসকললৈ প্ৰধানমন্ত্ৰী বিকাশ পেকেজ

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে আগুৱাই নিয়াৰ দিশে কেন্দ্ৰীয় বাজেটত 2023 ত দেশৰ থলুৱা শিপিনী আৰু শিল্পকৰ্মৰ লগত জড়িত মহিলাসকললৈ এক বিশেষ পেকেজ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (PM Vishwakarma Kaushal Samman Yojana)৷

By

Published : Feb 1, 2023, 2:22 PM IST

FM Sitharaman announces PM-VIKAS package for artisans and craftsmen; support for women in SFGs
শিপিনী আৰু শিল্পকলাৰ লগত জড়িত মহিলাসকললৈ প্ৰধানমন্ত্ৰী বিকাশ পেকেজ

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী: বুধবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত উপস্থাপন কৰে ২০২৩-২৪ বৰ্ষৰ বাজেট (union budget 2023) ৷ এই বাজেটত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান (পিএম-বিকাশ) (PM Vishwakarma Kaushal Samman Yojana)যোজনাৰ অধীনত দেশৰ থলুৱা শিপিনী আৰু শিল্পকৰ্মৰ লগত জড়িত মহিলাসকললৈ এক বিশেষ পেকেজ ঘোষণা কৰে ।

বিত্ত মন্ত্ৰীগৰাকীয়ে (Finance Minister Nirmala Sitharaman) এই সন্দৰ্ভত কয়,"প্ৰথমবাৰৰ বাবে দেশৰ থলুৱা শিপিনী আৰু শিল্পকৰ্মৰ লগত জড়িত মহিলাসকলৰ সহায়ৰ হকে ঘোষণা কৰা এই পেকেজক বিশ্বকৰ্মা বুলিও কোৱা হয়। পৰম্পৰাগতভাৱে হাতেৰে কাম কৰা এই শিপিনীসকলে যুগ যুগ ধৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে । তেওঁলোকে প্ৰকৃত স্বৰূপত আত্মনিৰ্ভৰশীল ভাৰতক (Aatmanirbhar Bharat) প্ৰতিনিধিত্ব কৰে । এই নতুন আঁচনিখনে আত্মসহায়ক গোটসমূহক সহায় কৰাৰ লগতে শিপিনীসকলক সামগ্ৰীৰ মানদণ্ডৰ লগতে গুণগত মানদণ্ড উন্নত কৰিবলৈ সক্ষম কৰি তুলিব ৷"

দেশৰ গ্ৰাম্য অঞ্চলৰ বহুতো মহিলাক এতিয়ালৈকে ডিএই-এনইউএলএমৰ অধীনত ৮১ লাখতকৈও অধিক আত্ম সহায়ক গোটত (81 lakh self help group) একত্ৰিতকৰণ হৈছে ৷ এই আঁচনিৰ অধীনত মহিলাসকলৰ থলুৱা ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ পৰা সকলো ধৰণৰ সমৰ্থন লাভ কৰিব (Self help groups for women ) ৷

বিশ্বকৰ্মা আচঁনিৰ সন্দৰ্ভত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে 'বিশ্বকৰ্মা' (PM VIKAS Yojana ) আঁচনিয়ে মহিলাসকলক তেওঁলোকৰ ক্ষুদ্ৰ ব্যৱসায় বৃদ্ধিৰ বাবে বিত্তীয় সমৰ্থন, দক্ষতা প্ৰশিক্ষণ, আধুনিক দক্ষ ব্যৱস্থাৰ জ্ঞান, শাখা প্ৰচাৰ, গোলকীয় আৰু স্থানীয় বজাৰৰ সৈতে সম্পৰ্ক, ডিজিটেল পৰিশোধ আৰু সামাজিক সুৰক্ষা লাভ কৰাত সহায় কৰিব । ইয়াৰ ফলত অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ মহিলাসকল উপকৃত হ'ব ।

দেশত বৃহত্তৰ অৰ্থনৈতিক স্থিৰতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সীতাৰমণে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দীনদয়াল অন্ত্যোদয় যোজনা-ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছনৰ (ডিএৱাই-এনইউএলএম) (Deendayal Antyodaya Yojana) অধীনত মহিলাৰ আত্ম সহায়ক গোটত একত্ৰিত কৰাৰ লগতে গ্ৰাম্য মহিলাসকলক সৰ্বশ্ৰেষ্ঠ সুবিধা প্ৰদান কৰা হ'ব ।

ইয়াৰোপৰি এই আঁচনিৰ অধীনত আমি এই আত্ম সহায়ক গোটবোৰক বৃহৎ উদ্যোগ গঠন কৰিবলৈ অৰ্থনৈতিক সৱলীকৰণ প্ৰদান কৰা হ’ব ৷ প্ৰতিটো আত্মসহায়ক গোটতে হাজাৰ হাজাৰ সদস্য আছে ৷ ইয়াৰ সদস্যসকলক পেছাদাৰীভাৱে নিৰীক্ষণ কৰা হ’ব ৷

ইয়াৰ লগতে সীতাৰমণে কয় যে এই আঁচনিয়ে মহিলাসকলক তেওঁলোকৰ সামগ্ৰীসমূহ উন্নত মানদণ্ডৰে ডিজাইন কৰা, ব্ৰেণ্ডিং আৰু বিপণনত সহায় কৰিবলৈ কেঁচা মাল যোগান, আৰু সম্পদত সহায় কৰিব ৷

লগতে পঢ়ক:union budget 2023: কেন্দ্ৰীয় বাজেটৰ পৰা প্ৰত্যাশা

ABOUT THE AUTHOR

...view details