নিউজ ডেস্ক, ১৯ জুলাই : অশান্তজৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'বলৈ তৃণমূল কংগ্ৰেছৰ এটা দল মণিপুৰত উপস্থিত হৈছে ৷ তৃণমূলৰ পাঁচ সদস্যৰ প্রতিনিধি দলটোৱে হিংসাৰ দাবানলত দহি থকা চূড়াচান্দপুৰ অঞ্চল ভ্ৰমণ কৰাৰ লগতে ইম্ফলৰ শিৱিৰসমূহ পৰিদৰ্শন কৰিব৷
এই উদ্দেশ্যে বুধবাৰে পুৱা কলকাতা বিমানবন্দৰত উপস্থিত হয় ৰাজ্যসভাৰ তৃণমূলৰ সাংসদ ডেৰেক অ' ব্রায়ান, ৰাজ্যসভাৰ সাংসদ দোলা সেন, বিদায়ী সাংসদ সুস্মিতা দেৱ, লোকসভাৰ দুই সাংসদ কল্যাণ বেনাৰ্জী আৰু কাকলি ঘোষ দস্তিদাৰ ৷ মণিপুৰ পৰিদৰ্শন কৰি ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত আসন্ন বৰ্ষাকালীন অধিবেশনত ইয়াৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব তৃণমূলে ৷ উল্লেখ্য, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ অধিবেশন ৷
ইফালে বিমানবন্দৰত সুস্মিতা দেৱে সাংবাদিকৰ আগত জনায়, দলটোৰ তৰফৰ পৰা মণিপুৰ চৰকাৰৰ ওচৰত হেলিকপ্টাৰৰ বাবে আবেদন জনোৱা হৈছে ৷ কিয়নো হেলিকপ্টাৰ অবিহনে পাহাৰীয়া আদিবাসী জনজাতিৰ ওচৰত উপস্থিত হোৱাটো সম্ভৱ নহয় ৷ কিন্তু হেলিকপ্টাৰ পোৱা যাবনে নাই সেই কথা নিশ্চিত কৰা নাই মণিপুৰ চৰকাৰে ৷ চৰকাৰৰ পৰা নিশ্চিতি পালেই দলটোৱে হেলিকপ্টাৰৰ খৰচ বহন কৰিব বুলি তেওঁ কয় ৷ অৱশ্যে তেওঁ আশা কৰিছে যে তৃণমূলৰ প্রতিনিধি দলটোৰ সৈতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ প্রশাসনে ৷