অসম

assam

ETV Bharat / bharat

টিএমচি সদস্যক আক্ৰমণত জড়িত 5 বিজেপি কৰ্মীক আটক

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় ভাঙি টিএমচিৰ সদস্যক আক্ৰমণ কৰাৰ লগতে ঘৰ লুট-পাট চলোৱাৰ অভিযোগত আটক কৰা হৈছে 5 বিজেপি কৰ্মীক ৷ অভিযুক্ত বিজেপি কৰ্মীয়ে কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে আৰু সোণসহ 2 লাখ নগদ ধন লুটি নিয়া বুলি আৰক্ষীয়ে সদৰি কৰে ৷

By

Published : Apr 5, 2021, 9:03 AM IST

BJP workers arrested for attacking TMC supporters
টিএমচি সদস্যক আক্ৰমণত বিজেপি কৰ্মী আটক জড়িত

নেশ্যনেল ডেস্ক,5 এপ্ৰিল : পশ্চিমবংগৰ পূব বৰ্ধমান জিলাত দেওবাৰে তৃণমূল কংগ্ৰেছ (টিএমচি)ৰ কাৰ্যালয় ভাঙি টিএমচিৰ সদস্যক আক্ৰমণ কৰে 5 বিজেপি কৰ্মীয়ে ৷

আৰক্ষীয়ে সদৰি কৰা মতে, দেওবাৰে বিয়লি ভাগত বিজেপি সমৰ্থকসকলে তেওঁলোকৰ প্ৰাৰ্থী ভিষ্মদেৱ ভট্টাচাৰ্যৰ হৈ মেমাৰী আৰক্ষী থানাৰ সমীপৰ নৌহাটি গাঁৱত প্ৰচাৰ চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷

প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত তুমূল বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ পাচতে বিজেপি কৰ্মীসকলে কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে আৰু সোণসহ 2 লাখ টকা লুটি নিয়ে ৷ এই ঘটনাৰ ফলত দুখন বাহন আৰু চাৰিখন বাইক ক্ষতিগ্ৰস্ত হয় ৷

উক্ত ঘটনাৰ সময়ত অঞ্চলটোৰ এটি তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ো বিজেপি কৰ্মীসকলে প্ৰত্যক্ষ কৰি লোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :চট্টিচগড়ত নক্সাল সংঘৰ্ষত নিহত জোৱান সকলৰ মৃতদেহ জগদলপুৰলৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details