তেজপুৰ, 23 জুলাই : মণিপুৰত অপৰিৱৰ্তিত হিংসাত্মক পৰিস্থিতি ৷ বিগত 70 দিনত ৰাজ্যখনত হিংসাজৰ্জৰ পৰিস্থিতিৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছিল ৷ ফলত ৰাজ্যখনলৈ কোনো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানি কৰিব পৰা হোৱা নাছিল ৷ কিন্তু অৱশেষত মণিপুৰলৈ 70 দিনৰ অন্তত ৰাওনা হ’ল প্ৰথমখন মালবাহী ৰে’ল ৷ মণিপুৰ চেম্বাৰছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধীনত দেওবাৰৰ পৰা গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা প্ৰথমখন মালবাহী ৰে’ল মণিপুৰ অভিমুখে ৰাওনা হৈছে ৷
বিগত 70 টা দিনত ডিমাপুৰ-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ-2 আৰু ইম্ফল-জিৰিবাম ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-39) অৱৰোধ কৰি ৰখাৰ বাবে অত্যাৱশ্যকীয় আমদানি কৰিব নোৱাৰাৰ বাবে 3 জুলাইৰ পৰা ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ হৈছিল ৷ মণিপুৰ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ তত্বাৱধানত নতুন গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা ৰাওনা হোৱা ৰে'লখনৰ ফ্লেগ অফ কৰে ৰিতুৰাজ বৰঠাকুৰে ৷
এই মালবাহী ৰে’লত মণিপুৰৰ খোংচাং ৰে’ল ষ্টেচনৰ বাবে 13 টা বোগীত পিয়াঁজ, আলু, চেনী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ অনা হৈছে ৷ এই ফ্লেগ অফ অনুষ্ঠানত মণিপুৰ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ প্ৰাক্তন সাধাৰণ সম্পাদক জোটিন থোকচোম, ছাণ্টা নাহকপাম ট্ৰেডাৰ, ৰে'ল কৰ্মচাৰী সুনীল প্ৰসাদ আৰু সতবীৰ জৈনে অংশগ্ৰহণ কৰে ৷
ৰে'ল বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰকাশ কৰা অনুসৰি এধুপগুৰিৰ পৰা আলু, নাছিকৰ পৰা পিয়াঁজ, গুজৰাটৰ পৰা ডিটাৰ্জেণ্ট আৰু উত্তৰ প্ৰদেশৰ পৰা চেনী, আলৱাৰৰ পৰা 13 টা ডবাত খাদ্যোপযুক্ত তেল, ৰাজস্থানৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী নতুন গুৱাহাটী ষ্টেচনত সংগ্ৰহ কৰি মালবাহী ৰে’লখনত পঠিওৱা হৈছে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে পুৱা 9.45 বজাত খোংচাং ৰে’ল ষ্টেচনৰ পৰা মালবাহী ৰে’লখনৰ আদৰণি জনাব ৷
লগতে পঢ়ক:Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযোদ্ধাৰ ৮০ বছৰীয়া পত্নীক