অসম

assam

ETV Bharat / bharat

Firing at Lucknow court: লক্ষ্ণৌ আদালতৰ চৌহদত অধিবক্তাৰ ভেশত গেংষ্টাৰ জীৱাক গুলীয়াই হত্যা - Gangster Sanjeev Jeeva shot dead

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসামৰিক আদালতত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে (Sanjeev Jeeva shot dead)৷ মুখতাৰ আনছাৰীৰ ঘনিষ্ঠ সহযোগী সঞ্জীৱ মহেশ্বৰী ওৰফে জীৱাক হত্যা কৰে আততায়ীয়ে (Firing at Lucknow court) ।

Mukhtar Ansari aide Sanjeev Jeeva Killed
লক্ষ্ণৌ আদালতৰ চৌহদত অধিবক্তাৰ ভেশত গেংষ্টাৰ জীৱাক গুলীয়াই হত্যা

By

Published : Jun 7, 2023, 6:34 PM IST

নিউজ ডেস্ক, 7 জুন : পুনৰ উত্তৰ প্ৰদেশৰ আদালতত ভয়ংকৰ ঘটনা ৷ এইবাৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসামৰিক আদালতত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে (Sanjeev Jeeva shot dead)৷ মুখতাৰ আনছাৰীৰ ঘনিষ্ঠ সহযোগী সঞ্জীৱ মহেশ্বৰী ওৰফে জীৱাক হত্যা কৰে আততায়ীয়ে (Firing at Lucknow court) । আক্ৰমণকাৰী আততায়ীয়ে অধিবক্তাৰ ভেশত আহিছিল বুলি জানিব পৰা গৈছে (Mukhtar Ansari aide Sanjeev Jeeva Killed) ৷

প্ৰাৰম্ভিক তথ্য অনুসৰি, বুধবাৰে দ্বিবেদী হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জীৱক লক্ষ্ণৌ অসামৰিক আদালতৰ ভিতৰত গুলীয়াই হত্যা কৰা হয় (Firing inside Lucknow court )৷ এই ঘটনাত এটি শিশু আৰু এজন আৰক্ষীও আহত হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ আততায়ীয়ে জীৱাৰ ওপৰত কেইবা ৰাউণ্ড গুলী চালনা কৰিছিল ৷ ফলত ঘটনাস্থলীতে প্ৰাণত্যাগ কৰে জীৱাই (Gangster Sanjeev Jeeva shot dead) ৷

আজি জীৱাক শুনানিৰ বাবে লক্ষ্ণৌ আদালতলৈ হাজিৰ কৰাবলৈ অনাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ জীৱাৰ বিৰুদ্ধে ইতিমধ্যে আন কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল। এই ঘটনা সংঘটিত কৰিয়েই আক্ৰমণকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

এই গুলীচালনাৰ লগে লগে আদালতত হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় (Attacker dressed as a lawyer)৷ অতৰ্কিতে হোৱা এই ঘটনাৰ পিচতে কিছু অধিবক্তাই নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহিছে বুলি শংকিত হয় । এই সপ্তাহৰ আৰম্ভণিতে, গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনছাৰীক কংগ্ৰেছ নেতা অৱধেশ ৰায়ৰ হত্যাৰ ঘটনাত বাৰাণসীৰ এখন আদালতে আজীৱন কাৰাদণ্ড ৰায়দান কৰিছিল । আজিৰ পৰা 30 বছৰ পূৰ্বে কংগ্ৰেছ নেতাগৰাকীক হত্যা কৰিছিল আনছাৰীয়ে ৷

সঞ্জীৱ ওৰফে জীৱা, মুখতাৰ আনছাৰী আৰু মুন্না বজৰংগী দলৰ সৈতে জড়িত আছিল। বজৰংগীক ২০১৮ চনত বাগপত কাৰাগাৰত হত্যা কৰা হৈছিল। 1997 চনৰ 10 ফেব্ৰুৱাৰীত লোহাই ৰোডত গুলীয়াই হত্যা কৰা প্ৰাক্তন বিজেপি মন্ত্ৰী ব্ৰহ্মদত্ত দ্বিবেদীৰ হত্যাৰ সহ-অভিযুক্ত আছিল জীৱা। 2003 চনত, চিবিআই আদালতে জীৱা আৰু প্ৰাক্তন বিধায়ক বিজয় সিঙক আজীৱন কাৰাদণ্ডৰ ঘোষণা কৰিছিল ৷

আনছাৰীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত জীৱা পূৰ্বে এগৰাকী ৰসায়নবিদ আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁ আণ্ডাৰৱৰ্ল্ডৰ প্ৰতি আকৰ্ষিত হৈ এগৰাকী সক্ৰিয় আণ্ডাৰৱৰ্ল্ডৰ সদস্য হিচাপে পৰিগণিত হয় ৷

লগতে পঢ়ক:Atique Ahmed killed : আতিক-আশ্ৰফৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ; 17 আৰক্ষীক নিলম্বন

ABOUT THE AUTHOR

...view details