অসম

assam

ETV Bharat / bharat

Fire in Train: এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড; বিপদমুক্ত সকলো যাত্ৰী - Balasore tragic rail accident

ওড়িশাত ইটোৰ পিচত সিটোকৈ এসপ্তাহত সংঘটিত হৈছে চাৰিটাকৈ ৰে’ল দুৰ্ঘটনা ৷ বালাছোৰ ৰে’ল দুৰ্ঘটনাত প্ৰায় 275 গৰাকী যাত্ৰীৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই বৃহস্পতিবাৰে নিশা খৰিয়া ৰোড ৰে’ল ষ্টেচনত দুৰ্গ-পুৰী এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হয় (Fire broke out in a AC coach of Durg puri Express) ৷

Fire in Train
Fire broke out in a AC coach of Durg puri Express

By

Published : Jun 9, 2023, 6:58 AM IST

নিউজ ডেস্ক, 9 জুন: শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেত সংঘটিত দুৰ্ঘটনাৰাজিয়ে চিন্তিত কৰি তুলিছে ৰে’লযাত্ৰা কৰা লোকসকলক ৷ ওড়িশাত এসপ্তাহৰ ভিতৰত সংঘটিত হৈছে চাৰিটাকৈ ৰে’ল দুৰ্ঘটনা ৷ যোৱা 2 জুনত সংঘটিত হোৱা বালাছোৰ ৰে’ল দুৰ্ঘটনাৰ পিচত ক্ৰমে 5, 7 আৰু 8 জুনত তিনিটাকৈ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যখনত ৷ বালাছোৰ ৰে’ল দুৰ্ঘটনাৰ পিচতে ওড়িশাক বাদ দি ঝাৰখণ্ড, অসম আৰু মধ্যপ্ৰদেশতো তিনিটা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে ৷ অতি শেহতীয়াভাৱে বৃহস্পতিবাৰে অৰ্থাৎ 8 জুনৰ নিশা ওড়িশাৰ খৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গ-পুৰী এক্সপ্ৰেছ ৰে’লখনত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ যাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত (Train accidents in Odisha) ৷

ৰে’ল বিভাগৰ সূত্ৰ অনুসৰি, ৰে’লখনৰ B3 AC দবাৰ ব্ৰেক পেডৰ ওচৰত জুইৰ সূত্ৰপাত ঘটে ৷ পূব মণ্ডল ৰে’লৱেৰ প্ৰাৰম্ভিক প্ৰতিবেদন ঘৰ্ষণৰ বাবে ব্ৰেকপেডত জুই লাগিছিল ৷ অৱশ্যে এই জুয়ে দবাটোৰ কোনো ক্ষতিসাধন কৰা নাই ৷ ব্ৰেক পেডৰ বাহিৰে আন অংশৰো ক্ষতি হোৱা নাই এই জুইৰ দ্বাৰা ৷ ৰে’ল বিভাগে জনাইছে যে, জুই নিৰ্বাপনৰ পিচত নিশা প্ৰায় 11 বজাত ৰে’লখন খাৰিয়াৰ ৰোড ষ্টেচনৰ পৰা ৰাওনা হয় (Fire broke out in a AC coach of Durg puri Express) ৷

লগতে পঢ়ক:Goods train ran over workers: ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা; ছয়জন শ্ৰমিকৰ মৃত্যু

স্থানীয় লোকে সদৰী কৰা মতে, খাৰিয়াৰ ৰোড ষ্টেচন পোৱাৰ লগে লগে ৰে’লখনত জুই লগা প্ৰত্যক্ষ কৰা হৈছিল ৷ এটা AC দবাৰ তলৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখা পাইছিল সেই স্থানত থকা লোকসকলে ৷ ৰে’লখন ৰখোৱাৰ পিচতে দবাটোৰ পৰা যাত্ৰীসলক বাহিৰলৈ ওলাই আহে ৷ ঘন ধোঁৱাই ছানি ধৰে দবাটো ৷ ৰে’ল বিভাগৰ লোকে তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰে’লখন ৷ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুওৱাৰ অন্তত বিপদমুক্ত ঘোষণা কৰাৰ পিচত খৰিয়াৰ ৰোড ষ্টেচনৰ পৰা যাত্ৰা কৰে ৰে’লখনে (Odisha burning train) ৷

উল্লেখ্য য়ে, এয়া ওড়িশাত চতুৰ্থটো ৰে’ল দুৰ্ঘটনা ৷ 2 জুনত বালাছোৰত ক’ৰ’মণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হোৱা ঘটনাত অতি কমেও 275 গৰাকী লোকৰ মৃত্যু ঘটে আৰু সহস্ৰাধিকলোক আহত হয় ৷ এই ঘটনাই জোঁকাৰি যায় সমগ্ৰ দেশক ৷ তাৰ ঠিক দুদিনৰ পিচতেই পুনৰ এখন মালবাহী ট্ৰেইন লাইনচ্যুত হয় ওড়িশাত ৷ সেই ঘটনাত অৱশ্যে কোনো লোক হতাহত নহয় (Balasore tragic rail accident) ৷

ইফালে যোৱা বুধবাৰে এখন ৰখাই থোৱা মালবাহী ট্ৰেইন হঠাৎ লাইনচ্যুত হোৱাত ৰে’লখনৰ তলত শুই থকা 6 জন শ্ৰমিক নিহত হয় ৷ একেদিনাই অসমৰ কামৰূপ জিলাৰ শিঙৰা ৰে’ল ষ্টেচনৰ সমীপতো এখন কয়লা ভৰ্তি ৰে’লৰ 15 টা ডবা লাইনচ্যুত হয় (Odisha latest train accident) ৷

ABOUT THE AUTHOR

...view details