নেশ্বনেল ডেস্ক, 4 অক্টোবৰ :মুম্বাই আৰক্ষীয়ে সোমবাৰে যশস্বী গীতিকাৰ তথা চিত্ৰ-নাট্যকাৰ জাভেদ আখতাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (RSS)ৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে এখন এজাহাৰ দাখিল কৰিছে ৷ অধিবক্তা সন্তোষ ডুবেৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত মুলুন্দ আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰা হৈছে বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিছে । মুলুন্দ আৰক্ষী থানাৰ বিষয়াজনে কয়, "এজাহাৰখন ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০০ (punishment for defamation)ৰ অধীনত পঞ্জীয়ন কৰা হৈছে " ৷
এটা নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত আৰ এছ এছৰ বিৰুদ্ধে "মিছা আৰু মানহানিকৰ" মন্তব্য কৰাৰ অভিযোগত আখতাৰলৈ অধিবক্তা সন্তোষ ডুবেই যোৱা মাহত আইনী জাননী প্ৰেৰণ কৰিছিল, আৰু ইয়াৰ বাবে তেওঁৰ পৰা ক্ষমা বিচাৰিছিল । উল্লেখ্য যে, আখটাৰে (৭৬) শেহতীয়া এক সাক্ষাৎকাৰত তালিবান আৰু উগ্ৰ হিন্দুবাদী সকলৰ মাজত থকা সাদৃশ্যৰ কথা উল্লেখ কৰিছিল ।