অসম

assam

ETV Bharat / bharat

Milk face pack: দুসপ্তাহৰ ভিতৰত দূৰ হ’ব মুখৰ দাগ, কেৱল গাখীৰৰ সৈতে মিহলাই প্ৰয়োগ কৰক এইকেইবিধ সামগ্ৰী

কেঁচা গাখীৰে দূৰ কৰিব মুখমণ্ডল সাধাৰণতে দেখা দিয়া ব্ৰণ, পিম্পল আৰু অন্যান্য ছালৰ সমস্যা । বৃদ্ধি হ’ব মুখৰ উজ্বলতা (Milk face pack)৷

By

Published : May 30, 2023, 2:00 PM IST

Updated : May 30, 2023, 2:24 PM IST

face black spot will remove with the help of applying milk face pack
দুসপ্তাহৰ ভিতৰত দূৰ হ’ব মুখৰ দাগ, কেৱল গাখীৰৰ সৈতে মিহলাই প্ৰয়োগ কৰক এইকেইবিধ সামগ্ৰী

ৰাতি গাখীৰ খোৱাটো এটা সাধাৰণ নিয়ম, যাৰ বহু উপকাৰিতা আছে । বিশেষকৈ শিশু আৰু বৃদ্ধসকলক ৰাতি গাখীৰ দিয়া হয় যাতে তেওঁলোকৰ হাড় মজবুত হৈ থাকে আৰু শৰীৰত প্ৰ’টিন আৰু কেলচিয়ামৰ অভাৱ নহয় (disadvantages of applying milk on face)।

আমি আপোনালোকক কৈছো কেঁচা গাখীৰ মুখত লগোৱাৰ উপকাৰিতাৰ বিষয়ে । কেঁচা গাখীৰ মুখত লগালে ১৫ দিনত ব্ৰণ, পিম্পল আৰু অন্যান্য ছালৰ সমস্যা কমাব পাৰে আৰু মুখৰ ছাল টান আৰু গ্লো বৃদ্ধি কৰিব পাৰে । এই প্ৰতিবেদনত আমি আপোনালোকক জনাম যে কেঁচা গাখীৰ কেনেদৰে মুখত প্ৰয়োগ কৰিব পাৰি তথা ইয়াক প্ৰয়োগৰ অন্যান্য উপায়সমূহ (best homemade face pack to remove dark spots)।

কেঁচা গাখীৰ কেনেকৈ মুখত প্ৰয়োগ কৰিব

আপুনি এটা বাটিত ২ৰ পৰা ৪ চামুচ কেঁচা গাখীৰ লৈ তাত আধা কল গুড়ি কৰি ভালদৰে মিহলাই লওক, তাৰ পিছত এই মিশ্ৰণটো মাস্কৰ দৰে মুখত লগাওক । এই পেকটো ১৫ মিনিটৰ বাবে ৰাখিব । ইয়াৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুব । ইয়াৰ ফলত আপোনাৰ ছালখন সুন্দৰ আৰু টান হৈ পৰিব ।

ইয়াৰ উপৰিও কেঁচা গাখীৰ মিহলাই বিলাহী গুড়ি মুখত লগাব পাৰে । ই আপোনাৰ মুখখনৰ উজ্বলতা বৃদ্ধি কৰিব আৰু দাগ কম কৰিব । বিলাহীত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে, গতিকে এই দুটাৰ মিশ্ৰণ ফেচ পেক হিচাপে ব্যৱহাৰ কৰাটো ভাল হ’ব ।

ক্লেনজাৰ হিচাপে কেঁচা গাখীৰ মুখত লগাব পাৰে । ই আপোনাৰ ছালখন সুস্থ কৰি ৰখাত সহায়ক হ’ব । কেঁচা গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ভিটামিন, ছডিয়াম, পটাছিয়াম, কেলচিয়াম আৰু আইৰণ আদি খনিজ পদাৰ্থ থাকে, যিবোৰ ছালৰ বাবে অন্যতম প্ৰয়োজনীয় পুষ্টিকৰ উপাদান ।

গাখীৰত পোৱা লেক্টিক এচিড এন্টি এজিং ফেচ ক্লেনজাৰৰ বাবে একেবাৰে উপযুক্ত । ই মৃত কোষ আঁতৰোৱাত সহায় কৰে আৰু মৃত ছালৰ কোষ আঁতৰাই নতুন কোষক উৎসাহিত কৰে । কেঁচা গাখীৰৰ ব্যৱহাৰ শুকান ছালৰ লোকৰ বাবে উপযোগী, কিয়নো ই তেওঁলোকৰ ছালখন নিখুঁতভাৱে মইশ্চ’ৰাইজ কৰে । ইয়াৰ লগতে ই মুখলৈ প্ৰাকৃতিক উজ্বলতা আনে আৰু ব্ৰণৰ সমস্যাৰ পৰা সকাহ দিয়ে । কেঁচা গাখীৰত থকা পুষ্টিকৰ উপাদানে ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে ।

লগতে পঢ়ক:World Multiple Sclerosis Day 2023: মগজু-মেৰুদণ্ডৰ পৰা আৰম্ভ কৰি স্নায়ুলৈকে প্ৰভাৱিত কৰে এই ৰোগে, লক্ষণসমূহ জানি লওক

Last Updated : May 30, 2023, 2:24 PM IST

ABOUT THE AUTHOR

...view details